অসম

assam

By

Published : Jul 6, 2020, 5:07 PM IST

ETV Bharat / bharat

ভাৰতবৰ্ষত ১০ মিলিয়ন লোকৰ কোভিড-১৯ পৰীক্ষা কৰা হৈছেঃ ICMR

বৰ্তমানলৈ ভাৰতে ১ কোটিতকৈ অধিক লোকৰ কোভিড-১৯ ৰ পৰীক্ষণ সম্পন্ন কৰিছে । ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ ICMR য়ে প্ৰকাশ কৰিছে এই তথ্য । ৫ জুলাইত ভাৰতত প্ৰায় ১,৮০,৫৯৬ গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন হৈছে । ভাৰতবৰ্ষত সৰ্বমুঠ ১,০০,০৪,১০১ গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে ।

over-10-million-covid-19-tests-done-so-far-icmr
over-10-million-covid-19-tests-done-so-far-icmr

নিউজ ডেস্ক, ৬ জুলাই : ভাৰতবৰ্ষত প্ৰতিদিনেই ব্যাপক হাৰত বৃদ্ধি পাই আহিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা । ইতিমধ্যে ভাৰতে চীন, ৰাছিয়া, ইটালীৰ দৰে ৰাষ্ট্ৰক চেৰ পেলাই আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে । বৰ্তমানলৈ ভাৰতে ১ কোটিতকৈ অধিক লোকৰ কোভিড-১৯ ৰ পৰীক্ষণ সম্পন্ন কৰিছে । ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ চমুকৈ ICMR য়ে প্ৰকাশ কৰিছে এই তথ্য । ৫ জুলাইত ভাৰতত প্ৰায় ১,৮০,৫৯৬ গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে । ভাৰতবৰ্ষত সৰ্বমুঠ ১,০০,০৪,১০১ গৰাকী লোকৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে ।

ICMR ৰ এজন জেষ্ঠ বিষয়াই জনোৱা অনুসৰি, বিগত ১৪ দিনত ভাৰতত ২.১৫ লাখ লোকৰ পৰীক্ষণ কৰা হৈছে আৰু বিগত ৫ দিনত প্ৰায় ১ মিলিয়ন লোকৰ পৰীক্ষণ কৰা হৈছে । আনহাতে, এই পৰীক্ষণ ক্ষমতা আকৌ বৃদ্ধি কৰিবলৈ ICMR য়ে সাৰ্বজনীন ক্ষেত্ৰৰ ৭৮৮ টা আৰু ব্যক্তিগত ক্ষেত্ৰৰ ৩১৭ টা কেন্দ্ৰৰ জৰিয়তে প্ৰায় ১,১০৫ টা পৰীক্ষণ কেন্দ্ৰক ইতিমধ্যে অনুমতি প্ৰদান কৰিছে যাৰ ভিতৰত ৫৯২ টা RT-PCR লেব, ৪২১ টা TrueNat লেব আৰু ৯২ টা CBNAAT লেব অন্তভূক্ত আছে ।

লগতে, ICMR য়ে দেশৰ প্ৰতিখন ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানসমূহক কোভিড-১৯ ৰ বাবে স্কেল আপ পৰীক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে । যাৰ জৰিয়তে প্ৰতিদিনে দেশত কোভিড-১৯ ৰ পৰীক্ষণ ক্ষমতা ৩ লাখলৈ বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছে ICMR ৰ কতৃপক্ষই ।

প্ৰথম অৱস্থাত তামিলনাডু, মহাৰাষ্ট্ৰ, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটক এই ৫ খন ৰাজ্যৰ জৰিয়তে কোভিড-১৯ ৰ পৰীক্ষণৰ সংখ্যা বৃদ্ধি কৰা হৈছিল । কিন্তু বৰ্তমান ICMR ৰ য়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক TrueNat/CBNAAT নামৰে পৰীক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, বিগত ২৪ ঘন্টাত ২৪,২৪৮ জন ৰোগী ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচতে ভাৰতে আক্ৰান্ত লোকৰ সৰ্বমুঠ সংখ্যা ৭ লাখ অতিক্ৰম কৰিলে । বৰ্তমান ভাৰতত ২,৫৩,২৮৭ জন ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৪,২৪,৪৩২ জন ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে । লগতে বিগত ২৪ ঘন্টাত ভাৰতত ৪২৫ জন লোক ভাইৰাছৰ ফলত মৃত্যু বৰণ কৰিছে ।

ABOUT THE AUTHOR

...view details