অসম

assam

ETV Bharat / bharat

৬৮ বৰ্ষত ভৰি থ'লে ভাৰতৰ উচ্চসদনে - লোকসভা আৰু ৰাজ্যসভা

ৰাজ্যসভা ওৰফে দেশৰ উচ্চ সদন, দেশৰ উচ্চসদনে আজি ভৰি দিয়েহি ৬৮ বৰ্ষত । আজিৰ পৰা ৬৮ বৰ্ষ পূৰ্বে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ৰাজ্যসভাৰ বৈঠক ।

৬৮ বৰ্ষত ভৰি থ'লে ভাৰতৰ উচ্চসদনে
৬৮ বৰ্ষত ভৰি থ'লে ভাৰতৰ উচ্চসদনে

By

Published : May 13, 2020, 7:48 PM IST

নিউজ ডেস্ক, ১৩ মে' : আজিৰ দিনটোতে ৬৮ বছৰ পূৰ্বে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ভাৰতৰ উচ্চসদন ৰাজ্যসভাৰ প্ৰথম অধিৱেশন । বিগত ৬৮ বছৰত উচ্চসদন ৰাজ্যসভাত সংখ্যাৰ ফালৰ পৰা বিৰোধীয়ে দখলত ৰাখিছিল ৩৯ বছৰ । ফেচবুকত এই কথা প্ৰকাশ কৰে ৰাজ্য়সভাৰ অধ্যক্ষ তথা দেশৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে । কিন্তু বিৰোধীৰ দখলত থাকিলেও আইন প্ৰনয়নত কোনো বেয়া প্ৰভাৱ পৰা নাছিল ।

"ৰাজ্যসভা আৰু লোকসভাৰ সদস্যৰ নিৰ্বাচন তথা কাৰ্যকাল দুয়োটাই বেলেগ । ইয়ে আজিৰ দিনৰ চৰকাৰত লোকসভাৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা আৰু ৰাজ্যসভাৰ আসনৰ ক্ষেত্ৰত থকা সংখ্যাৰ পাৰ্থক্যক প্ৰতিফলিত কৰে । বিগত বৰ্ষসমূহত ইয়াক দেখি অহা গৈছে ।" বুলি কয় ভেংকায়া নাইডুৱে । প্ৰথমবাৰৰ বাবে ১৯৬৮-৭০ চনৰ ভিতৰত ইয়াক দেখা গৈছিল আৰু বিগত ৩১ বছৰে ই চলি আহিছে । নাইডুৱে প্ৰকাশ কৰা অনুসৰি, চলিত বৰ্ষৰ বাজেট অধিৱেশনলৈ ৰাজ্যসভাই ৫,৪৭২খন বৈঠক অনুষ্ঠিত কৰাৰ লগতে ৩,৮৫৭খন বিধেয়ক গৃহীত কৰিছে ।

১৯৬১, ১৯৭৮ আৰু ২০০২ত ৰাজ্যসভাৰ তিনিখন যুটীয়া অধিৱেশনৰ কথা উল্লেখ কৰি ৰাজ্যসভাই যৌতুক প্ৰথা নিষেধ বিধেয়ক, ১৯৫৯, বেংকিং সেৱা আয়োগ (নিৰসন) বিধেয়ক, ১৯৭৭ আৰু সন্ত্ৰাসবাদ বিৰোধী বিধেয়ক, ২০০২ক খাৰিজ কৰিছিল বুলি কয় নাইডুৱে । ১৯৫৯ চনত তেতিয়াৰ চৰকাৰৰ ৰাজ্যসভাত সংখ্যাগৰিষ্ঠতা আছিল ।

ইয়াৰ উপৰিও ৰাজ্যসভাই সংবিধানৰ ২৪ সংখ্যক সংশোধনী বিধেয়ক, ১৯৭০ যিয়ে ৰাজশাসিত অঞ্চলৰ শাসকৰ ক্ষমতা নিশেষ কৰা আৰু একেধৰনে আন দুখন সংবিধান সংশোধনী বিধেয়ক, যিয়ে পঞ্চায়ত আৰু পৌৰসভাৰ ক্ষমতা বৃদ্ধি কৰাৰ পক্ষপাতি আছিল সেই ক্ষেত্ৰত লোকসভাৰ পৰা পৃথকে অৱস্থান কৰিছিল ।

উচ্চ সদনত বিধেয়ক গৃহীত কৰাৰ পলম হোৱাৰ কথাৰ প্ৰসংগত, জৰুৰী বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাই ১৯৯৪ চনৰ ২৫ আগষ্টত এদিনতে পাঁচখন সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰিছিল, যিসময়ত ৰাজ্যসভাত তেতিয়াৰ চৰকাৰৰ সংখ্যাগৰিষ্ঠতা নাছিল । বৰ্তমানৰ চৰকাৰৰ ৰাজ্যসভাত সংখ্য়াগৰিষ্ঠতা নথকা স্বত্বেও ৰাজ্যসভাই জিএছটি, আইবিচি, তিনি তালাক, জম্মু-কাশ্মীৰ পুনৰগঠন, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি আইনত পৰিনত হোৱাত সহায় কৰিছিল বুলি নাইডুৱে উল্লেখ কৰে । ইয়াৰ দ্বাৰা ৰাজ্যসভাক আইন প্ৰনয়নত বাধাকাৰী হিচাপে থকা সকলো ঘটনা নসাৎ কৰিব পৰা গৈছে বুলি কব পাৰি ।

সদনৰ গঠনৰ ফালৰ পৰা বাদ দি আইন প্ৰনয়নত উচ্চসদনে ইয়াৰ কাৰ্যকালৰ সৰ্বমুঠ ২৯ শতাংশ সময় প্ৰদান কৰি আহিছে । এইক্ষেত্ৰত সদনক বিষয়টোৰ ওপৰত আলোচনা, বিতৰ্ক আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসভাৰ সকলো সদস্যৰ মতামতৰ ভিত্তিত ৰাজনৈতিক উদ্দেশ্যৰ দ্বাৰা ইয়াত আহি পৰা বাধা আঁতৰ কৰাত গুৰুত্ব দিব লাগে বুলি নাইডুৱে কয় । বাধা আৰু লক্ষ্যৰ ক্ষীণ দিশটো আঁতৰত ৰাখি ৰাজ্যসভাই কাম কৰি যাব লাগে বুলি নাইডুৱে দোহাৰে ।

১৯৭৮ চনৰ পৰা ২০১৪ চনলৈ ৰাজ্যসভাই ৰাজহুৱা স্বাৰ্থজনিত বিষয়বোৰত নিৰ্ধাৰিত সময়ৰ ভিতৰত ৩৩.৫৪ শতাংশ সময় অতিবাহিত কৰিছে । ২০০৫ৰ পৰা ২০১৪ চনত ৪১.৪২ শতাংশ আৰু ২০১৫ৰ পৰা ২০১৯ৰ ভিতৰত সৰ্বাধিক ৪৬.৫৯ শতাংশ সময় অতিবাহিত কৰিছে ।

অধ্যক্ষগৰাকীয়ে লক্ষ্য কৰা অনুসৰি, কাৰ্যবাহীসকলৰ দায়বদ্ধতাৰ ক্ষেত্ৰত ৰাজ্যসভাই ১৯৭৮ চনৰ পৰা ২০০৪ চনলৈ ৩৯.৫০ শতাংশ সময় প্ৰদান কৰাৰ বিপৰীতে ২০০৫ৰ পৰা ২০১৪ চনলৈ কিছু হ্ৰাস হৈ ২১.৯৯ শতাংশ আৰু ২০১৫ৰ পৰা ২০১৯ চনত সৰ্বনিম্ন ১২.৩৪ শতাংশ সময় অতিবাহিত কৰিছে । এয়া প্ৰশ্নোত্তৰ শিতান উঠাই লোৱাৰ ফলতে সংঘটিত হৈছে বুলি অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে । নাইডুৱে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যসভাৰ কাৰ্যকৰী উৎপাদনশীলতা ১৯৯৭ চনলৈ এশ শতাংশই আছিল যদিও ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ ৮৭ শতাংশ আৰু ২০০৫ৰ পৰা ২০১৪ চনলৈ ৭১ শতাংশ আৰু শেহতীয়া পাঁচ বছৰত ই মাত্ৰ ৬১ শতাংশ হয় ।

১৯৭৮ চনলৈ প্ৰথম ১২ টা বৰ্ষত ৰাজ্য়সভাৰ বাৰ্ষিক উৎপাদনশীলতা ১০০ শতাংশ আছিল আৰু শেহতীয়া ২৯ বছৰত ই এশ শতাংশ চুবলৈ সক্ষম নহ'ল । ২০১৮ চনত ই আছিল ৩৮.৬৩ শতাংশ ।

ABOUT THE AUTHOR

...view details