অসম

assam

ETV Bharat / bharat

1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

সমগ্ৰ ভাৰতত 1 জুনৰ পৰা কাৰ্যকাৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি ৷ এখন সংবাদমেলত এই কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে ৷ এই আঁচনিৰ অধীনত ভাৰতৰ যিকোনো ঠাইত এই ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব হিতাধীকাৰীয়ে ৷

By

Published : Jan 21, 2020, 1:55 PM IST

1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান
1 জুনৰ পৰা ভাৰতত কাৰ্যকৰী হ’ব এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

নিউজ ডেস্ক, 21 জানুৱাৰীঃ সোমবাৰে‘‘এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড’’ৰ এক নতুন আঁচনিৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে ৷ সমগ্ৰ ভাৰততে 1 জুনৰ পৰা কাৰ্যকাৰী কৰা হ’ব এই এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ড আঁচনি ৷ পাটনাত অনুষ্ঠিত হোৱা সংবাদমেলত এই কথা সদৰী কৰে মন্ত্ৰীগৰাকীয়ে ৷

এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডঃ পাছৱান

ইয়াৰ পূৰ্বে 1 জানুৱাৰীত এই আঁচনিৰ সুবিধা প্ৰথমে 12 খন ৰাজ্যত আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰীয় খাদ্য আৰু সাৰ্বজনীন বিতৰণ মন্ত্ৰীগৰাকীৰ মতে, যি কোনো 12 খন ৰাজ্যতে হিতাধীকাৰিয়ে তেওঁলোকৰ নিজৰ ৰেচন সমূহ লাভ কৰিব পাৰিব ৷

আনহাতে 3 ডিচেম্বৰতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰততে 30 জুন 2020 চনলৈ এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডআঁচনি প্ৰযোজ্য কৰা হ’ব বুলি মন্তব্য কৰিছিল ৷

ABOUT THE AUTHOR

...view details