অসম

assam

ETV Bharat / bharat

উড়িশাঃ এম্বুলেঞ্চ চালকৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এটি শিশুৰ - উড়িশাঃ এম্বুলেঞ্চ চালকৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এটি শিশুৰ

বহু পলমকৈ এম্বুলেঞ্চ কটক অভিমুখে ৰাওনা হয় যদিও এই সময়ছোৱাত শিশুটিৰ অৱস্থা অধিক সংকটজনক হৈ পৰে ৷ অৱশেষত বাৰিপদালৈ দহ কিল'মিটাৰ থাকোতেই কৃষ্ণ চন্দ্ৰপুৰত শিশুটিয়ে মৃত্যুক আঁকোৱালি লয় ৷ ততাতৈয়াকৈ শিশুটিক কৃষ্ণ চন্দ্ৰপুৰ সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে ৷

Odisha: Infant dies in ambulance, as driver, pharmacist take long lunch break
উড়িশাঃ এম্বুলেঞ্চ চালকৰ গাফিলতিৰ বাবে প্ৰাণ গ'ল এটি শিশুৰ

By

Published : Aug 13, 2020, 1:23 PM IST

নিউজ ডেস্ক, 13 আগষ্ট : উড়িশাত এম্বুলেঞ্চ চালকৰ অৱহেলাৰ বাবেই প্ৰাণ গ‘ল এটি শিশুৰ ৷ ঘটনা উড়িশাৰ ময়ুৰভঞ্জ জিলাৰ ৷ য‘ত সময়মতে চিকিৎসালয়ত উপস্থিত নোহোৱাৰ বাবে এম্বুলেঞ্চতে প্ৰাণ গ‘ল এটি শিশুৰ ৷ কাৰণ চিকিৎসালয়ত গৈ থকা অৱস্থাত এম্বুলেঞ্চ চালকজনে 90 মিনিটৰ আহাৰ গ্ৰহণৰ বাবে বিৰতি লৈছিল ৷ কণমানিটোৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জনাৰ পাছতো চালকজনে দীৰ্ঘ সময় ধৰি বিৰতি লৈছিল ৷ যাৰ ফলতেই মৃত্যুক আঁকোৱালি লয় কণমানিটোৱে ৷

ঘটনাৰ বিৱৰণী মতে, নিৰঞ্জন বেহৰা আৰু গীতা বেহৰাৰ এবছৰীয়া কণমানিটোৰ স্বাস্থ্যৰ অৱনতি ঘটাত শিশুটিক বাৰিপদাৰ পিআৰএম মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও শিশুটিৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি ঘটাত এচচিবি মেডিকেল কলেজ হাস্পতাললৈ নিবলৈ কোৱা হয় ৷

যাৰ পাছতেই এচচিবি মেডিকেল কলেজ হাস্পতাললৈ শিশুটিক লৈ যোৱাৰ প্ৰস্তুতি চলোৱা হয় ৷ বৰইপাঢ়াৰ পৰা এম্বুলেঞ্চখন কিছুদুৰ গৈ এখন ধাবাত এম্বুলেঞ্চ ৰখাই চালক আৰু এম্বুলেঞ্চৰ লগত অহা ফাৰ্মাচিস্টজন খাবলৈ সোমাই যায় যদিও শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিও শিশুটিৰ পিতৃয়ে অনুৰোধ কৰি থকাৰ পাছতো ডেৰ ঘণ্টাৰ পাছতহে ধাবাৰ পৰা ওলাই আহে ৷

বহু পলমকৈ এম্বুলেঞ্চ কটক অভিমুখে ৰাওনা হয় যদিও এই সময়ছোৱাত শিশুটিৰ অৱস্থা অধিক সংকটজনক হৈ পৰে ৷ অৱশেষত বাৰিপদালৈ দহ কিল'মিটাৰ থাকোতেই কৃষ্ণ চন্দ্ৰপুৰত শিশুটিয়ে মৃত্যুক আঁকোৱালি লয় ৷ তথাতয়াকৈ শিশুটিক কৃষ্ণ চন্দ্ৰপুৰ সামুহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে ৷

এই ঘটনাৰ পাছতে এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ মৃত শিশুটিৰ পৰিয়ালে এম্বুলেঞ্চ চালকৰ গাফিলতিৰ বাবেই শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক :সপ্তদশ মৃত্যুতিথিত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াক শ্ৰদ্ধাঞ্জলি আৱাহন পৰিয়ালৰ

ABOUT THE AUTHOR

...view details