নিউজ ডেস্ক, 1 জুনঃ প্ৰায় আঢ়ৈ মাহ ধৰি বন্ধ হৈ আছিল সমগ্ৰ দেশৰে সাধাৰণ বাছ সেৱা । সোমবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চম পৰ্যায়ৰ লক ডাউন অৰ্থাৎ #Unlock1ত দিয়া শিথিলতাৰ পাচত উত্তৰ প্ৰদেশ,গুজৰাট আৰু তামিলনাডুৰ ৰাজ্য চৰকাৰে নিজ নিজ পৰিবহণ ক্ষেত্ৰৰ অধীনত থকা বাছৰ চলাছল আৰম্ভ কৰে ।
উত্তৰ প্ৰদেশৰ UPSRTCৰ অধীনৰ বাছ সমূহ নিৰ্দিষ্ট কেতবোৰ বাছস্থানৰ পৰা সোমাবাৰে পুনৰ চলাচল কৰে । উত্তৰ প্ৰদেশৰ কাইছেৰবাগ,ছাৰবাগ আৰু অলম্বাগৰ পৰা বাছ সমূহৰ চলাচল আৰম্ভ হয় ।