ৰাজ্যসভাত এন আৰ চিৰ প্ৰসংগ - এন আৰ চিক
এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পাব 31 জুলাইত ৷
নিউজ ডেস্ক, 24 জুলাই: গৃহ বিভাগৰ ৰাইজ্যক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৰাইজসভাত কৰে এই মন্তব্য ৷ তেঁও কয় যে এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ পাব 31 জুলাইত ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ে এন আৰ চিক লৈ কৰা ৰায়দানৰ পিছত মন্ত্ৰী গৰাকীৰ এনে মন্তব্য আশ্যৰ্যজনক ৷ উচ্চতম ন্যায়ালয়েৰ ৰায়দানৰ কথা এজন গৃহ ৰাইজ্য মন্ত্ৰীয়ে নজনাটো এক দূৰ্ভাগ্যজনক কথা বুলি কয় চিপিএম নেতা আৰু প্ৰাক্তন সাংসদহানান মল্লাহে ৷ উল্লেখ্য যে, ৰাইজৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে চলিচিতৰ জেনেৰেল তুসাৰ মেহতায়ে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ হৈ সময় সীমা বৃদ্ধিৰ বাবে কৰিছিল আবেদন ৷ তেওঁৰ আৱেদনৰ ভিত্তিতেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰ বিচাৰপীঠে 31 জুলাইৰ পৰিবৰ্তে 31 আগষ্টত প্ৰস্তুত কৰা হ’ব এন আৰ চি চুৰান্ত খচৰা বুলি ৰায়দান কৰে ৷