অসম

assam

By

Published : Dec 28, 2019, 3:54 PM IST

ETV Bharat / bharat

এনপিআৰ আৰু এনআৰচি এটা মুদ্ৰাৰ ইপিঠি সিপিঠিঃ ওৱেছি

এনপিআৰ আৰু এনআৰচি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য় কৰিছে ওৱেছিয়ে ৷ এনপিআৰ আৰু এনআৰচিৰ নিয়মবোৰ একে বুলি কয় তেওঁ ৷

সৰ্ব ভাৰতীয় মজলিছ এ ইত্তেহাদুল মুছলিমিন (AIMIM) ৰ সভাপতি
আছাদ উদ্দিন ওৱেছি

নেশ্বনেল ডেস্ক, 28 ডিচেম্বৰঃ ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়ন (NPR) আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) এটা মুদ্ৰাৰ দুটা পিঠি বুলি মন্তব্য কৰিছে সৰ্বভাৰতীয় মজলিছ এ ইত্তেহাদুল মুছলিমিন (AIMIM) ৰ সভাপতি আছাদ উদ্দিন ওৱেছিয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰী জি. কৃষাণে এনপিআৰ আৰু এনআৰচিৰ মাজত কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰাৰ পাচতে এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ওৱেছিয়ে ৷ তেওঁ কয়, "গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে, এনপিআৰ আৰু এনআৰচিৰ মাজত কোনো সম্পৰ্ক নাই ৷ কিন্তু মই কৈছো যে এনপিআৰ আৰু এনআৰচি এটা মুদ্ৰাৰ দুটা পিঠি ৷ এনপিআৰ আৰু এনআৰচিৰ নিয়মবোৰ একে ৷"

এনপিআৰ আৰু এনআৰচি সন্দৰ্ভত আছাদ উদ্দিন ওৱেছি

ওৱেছিয়ে দাবী কৰে যে, নাগৰিকত্ব আইন, 1955 চনৰ ভিত্তিত এই নিয়মসমূহ তৈয়াৰ কৰা হৈছে ৷ দেশত এনপিআৰ হ'লে এনআৰচিও হ'ব বুলি মন্তব্য কৰে ওৱেছিয়ে ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নিজামাবাদত অনুষ্ঠিত এক প্ৰতিবাদত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ওৱেছিয়ে ৷ ইয়াৰোপৰি, বিজেপি নেতৃত্বৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে, এই নেতাসকলে টেলিভিছন চেনেলৰ জৰিয়তে 'ভুল প্ৰচাৰ' কৰা আৰম্ভ কৰিছে ৷

আৰু পঢ়ক : CAAৰ অধীনত ডেনিছ কেনেৰিয়া ভাৰতলৈ আহিব পাৰে-মহছিন ৰাজা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details