অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশ : পেটৰ তাড়নাত লকডাউন উলংঘা ৰাইজৰ

দুখীয়া লোকে পেটৰ তাড়নাত উলংঘা কৰিলে লকডাউন ৷ এই ঘটনা উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ ৷

উত্তৰ প্ৰদেশ
পেটৰ তাড়নাত লকডাউন উলংঘা ৰাইজৰ

By

Published : Apr 21, 2020, 11:17 PM IST

নেশ্যনেল ডেস্ক, 21 এপ্ৰিল : খাদ্যৰ অভাৱত ভোকাতুৰ ৰাইজে লকডাউন উলংঘা কৰিলে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত ৷ পথলৈ ওলাই আহি কোনো লোকে খাদ্যৰ যোগান ধৰাৰ আশাত ওলাই অহা বুলি জানিবলৈ দিয়ে লোকসকলে ৷

পেটৰ তাড়নাত লকডাউন উলংঘা ৰাইজৰ

লকডাউনৰ সময়ত ৰাস্তালৈ ওলাই অহাৰ ফলত শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কোৱাত তেওঁলোকে কয় যে, ঘৰত একো খাদ্য নথকা বাবে তেওঁলোক ওলাই আহিবলৈ বাধ্য ৷ ইটিভি ভাৰতৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে, তেওঁলোকৰ পৰিয়ালক আহাৰ প্ৰদান কৰিব পৰাকৈ তেওঁলোকৰ হাতত একো উৎস নাইকিয়া হৈ আহিছে ৷

এজন শ্ৰমিকে কয়, "মোৰ পত্নী আৰু সন্তানসকল ঘৰত আছে ৷ বহুদিন পূৰ্বেই ভালদৰে আহাৰ গ্ৰহণ কৰিছিলো সেয়েহে মই কিবা পাম বুলি আশাতে ওলাই আহিছো ৷"

ইয়াৰোপৰি, তেওঁলোকে অভিযোগ কৰে যে, ৰাজ্য চৰকাৰে প্ৰদান কৰা হেল্পলাইন নম্বৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই ৷ ইয়াৰ পাচতে ইটিভি ভাৰতে তেওঁলোকক নিজ নিজ ঘৰলৈ ঘূৰি যাবলৈ আহ্বান জনোৱাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ফোন নম্বৰ প্ৰদান কৰিবলৈ কয় ৷

ABOUT THE AUTHOR

...view details