নিউজ ডেস্ক, 6 মে' : কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধ কৰিবৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ তামিলনাডু চৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ ৷ ছাতি অৱিহনে সুৰা প্ৰদান কৰা নহ'ব সুৰাপায়ীক ৷
মংগলবাৰে ৰাজ্যখনৰ তিৰুপ্পুৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা ৷ গ্ৰাহক সকলে সুৰা ক্ৰয় কৰাৰ ক্ষেত্ৰত ছাতি ব্যৱহাৰ কৰিলেহে প্ৰদান কৰা হ'ব সুৰা ৷ জিলা প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি, কৰ'ণা ভাইৰাছৰ সক্ৰমণ ৰোধ কৰিবলৈ প্ৰশাসনৰ এই নিৰ্দেশনা ৷ জিলাখনৰ উপায়ুক্ত কে বিজয় কাৰ্তিকেনয়ে মংগলবাৰে এক টুইটযোগে জনোৱা অনুসৰি, গ্ৰাহকে ছাতি ব্যৱহাৰ কৰিলে এজন গ্ৰাহকৰ পৰা আন এজন গ্ৰাহকৰ দূৰত্ব অপোনা-আপুনি 6 ফুটলৈ বৃদ্ধি পাব ৷ যাৰ দ্ধাৰা গ্ৰাহকে সামাজিক দূৰত্ব মানি চলিবলৈ বাধ্য হ'ব ৷