নিউজ ডেস্ক, 9 অক্টোবৰ: আশেপাশে থকা গাঁও সমূহত বহু ডাঙৰ ডাঙৰ ঘৰ ৷ কিন্তু এই গাঁওখনত কেৱল কেঁচা ঘৰ ৷ কাষৰ গাঁও খনত বিদ্যুৎ, গেছ আদিৰ দৰে সকলো যাৱতীয় আধুনিক সা-সৰঞ্জাম তথা উপাদান আছে,এইখন গাঁৱত সূৰ্য ডুবিলেই আন্ধাৰ হয় ৷ এনেকুৱা নহয় গাঁওখনৰ বাসিন্দা সকল অতি দৰিদ্ৰ ৷ তেনেহ'লে বিষয়টো কি ?
উত্তৰ হ'ল,বিশেষ বিশ্বাস ৷ ৰাজস্থানৰ মৰু অঞ্চলৰ দেৱমালী গাঁৱৰ কাহিনী সঁচাকৈয়ে অদ্ভুত ৷ দেৱমালীবাসী ৰাইজ দেৱ নাৰায়ণৰ উপাসক ৷ চাবলৈ গ'লে ভাৰতৰ আন 5 খন গাঁৱৰ দৰেই দেৱমালী ৷ মুঠ 80 টা পৰিয়ালৰ বসতিস্থল গাঁওখন ৷ স্থানীয় বাসিন্দা সকলৰ জীনিতা হ'ল কৃষিকৰ্ম ৷ কিন্তু এডোখৰো ভূমি নাই গাঁওবাসীৰ নামত ৷ সেই ভূমি সমূহ কেৱল চিনাক্তহে কৰি থোৱা হৈছে ৷ সকলো ভূমি পঞ্জীয়ন হৈ আছে গাঁও দেৱতা দেৱ নাৰায়ণৰ নামত ৷ গাঁওখনৰ লোকে পকী ঘৰ নবনোৱাৰ এটাই কাৰণ যে, তেওঁলোকৰ ব্যক্তিগত মালিকীস্বত্ব নাই কোনো এডোখৰ ভূমিতো ৷ স্থানীয় লোকৰ বিশ্বাস যে, গাঁও খনত পকী ঘৰ নিৰ্মাণ কৰিলেই তেওঁলোকৰ উপাস্য দেৱতা ৰুষ্ট হ'ব ৷ সেই বাবেই কোনোদিন বিলাসীতাৰ ফালে ধাৱমান হ'ব নিবিচাৰে তেওঁলোক ৷ কিন্তু কেৱল এইয়াই নেকি তেওঁলোকৰ বিশ্বাসৰ কাৰণ ?