নেশ্যনেল ডেস্ক, 15 মাৰ্চ : 2012 চনৰ চাঞ্চল্যকৰ নিৰ্ভয়া ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ দোষীক ফাঁচীকাঠত ওলমাবলৈ মাথো পাঁচ দিন বাকী ৷ এনে সময়তে দেওবাৰে তিহাৰ জেল কৰ্তৃপক্ষই জল্লাদক 3 দিন পূৰ্বে তিহাৰ জেলত উপস্থিত হৈ অৱগত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷
উল্লেখ্য যে, মাৰ্চ মাহৰ প্ৰথমতে দিল্লীৰ এখন আদালতে দিয়া ৰায়দান অনুসৰি চাৰিজন দোষীক 20 মাৰ্চৰ দিনা পুৱা 5.30 বজাত ফাঁচীকাঠত ওলমোৱা হ'ব ৷ মৃত্যুদণ্ড লাভ কৰা এই চাৰিজন দোষী হৈছে মুকেশ কুমাৰ সিং (32), পৱন গুপ্তা (25), বিনয় শৰ্মা (26) আৰু অক্ষয় কুমাৰ সিং (31) ৷
ইয়াৰ পূৰ্বে তিনিবাৰকৈ এই দোষী কেইজনৰ ৰায়দানৰ দিন স্থগিত ৰখা হৈছিল ৷
20 মাৰ্চত পুনৰ মৃত্যুদণ্ডৰ দিন ধাৰ্য কৰাৰ পাচত তিহাৰ জেল কৰ্তৃপক্ষই উত্তৰ প্ৰদেশৰ জেললৈ পৱন জল্লাদক এই কাৰ্যত নিয়োগ কৰিবৰ বাবে অনুৰোধ জনাই এখন পত্ৰ প্ৰেৰণ কৰে ৷