অসম

assam

ETV Bharat / bharat

শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ - নিৰ্ভয়া কাণ্ড

দেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ বহু প্ৰত্যাশিত শাস্তিৰ দিন ঘোষণাৰ পিছত দিনে দিনে কেতবোৰ নতুন বিষয় উত্থাপন হৈ আছে ৷ আদালতে ৰায়দান কৰা অনুসৰি 22 জানুৱাৰীত দোষীৰ ফাঁচীৰ দিন নিৰ্ধাৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তিহাৰ জেল কৰ্তৃপক্ষই দিল্লী চৰকাৰক জনায় যে,নিৰ্ভয়া কাণ্ডত জড়িত চাৰিওজন দোষীৰ মৃত্যুদণ্ডৰ ক্ষমা বিচাৰি আবেদন কৰাৰ বাবে শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনাই দেখা দিছে ৷

নিৰ্ভয়া কাণ্ড
শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা

By

Published : Jan 16, 2020, 10:16 PM IST

নতুন দিল্লী,16 জানুৱাৰীঃদেশ কঁপাই যোৱা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ বহু প্ৰত্যাশিত শাস্তিৰ দিন ঘোষণাৰ পিছত দিনে দিনে কেতবোৰ নতুন বিষয় উত্থাপন হৈ আছে ৷ আদালতে ৰায়দান কৰা অনুসৰি 22 জানুৱাৰীত দোষীৰ ফাঁচীৰ দিন নিৰ্ধাৰণ কৰা হৈছে ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত তিহাৰ জেল কৰ্তৃপক্ষই দিল্লী চৰকাৰক জনায় যে,নিৰ্ভয়া কাণ্ডত জড়িত চাৰিওজন দোষীৰ মৃত্যুদণ্ডৰ ক্ষমা বিচাৰি আবেদন কৰাৰ বাবে শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনাই দেখা দিছে ৷ লগতে বিষয়টো সন্দৰ্ভত তিহাৰ জেল কৰ্তৃপক্ষই দিল্লীৰ এক আদালতত ক্ষমা আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ পৰা ফাঁচীৰ নতুন তাৰিখ বিচাৰি যোগাযোগ কৰিছে ৷ বিগত সপ্তাহত নিৰ্ভয়া কাণ্ডত জড়িত দোষীসকল ক্ৰমে মুকেশ সিংহ,বিনয় শৰ্মা,অক্ষয় সিংহ আৰু পবন গুপ্তাক 22 জানুৱাৰীৰ পুৱা 7 বজাত ফাঁচী দিয়াৰ ঘোষণা কৰা হৈছিল ৷

শাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা

ইফালে,কাৰাগাৰ কৰ্তৃপক্ষই নিৰ্ভয়া গণ-ধৰ্ষণ আৰু হত্যাকাণ্ডত জড়িত চাৰিওজন অভিযুক্তকে বৃহস্পতিবাৰে তিহাৰ জেলৰ তিনি নম্বৰ কোঠালীলৈ স্থানান্তৰিত কৰে ৷ দিল্লী চৰকাৰে বুধবাৰে উচ্চ ন্যায়ালয়ক জনোৱা মতে,অভিযুক্ত সকলৰ মাজৰ এজনে ক্ষমা বিচাৰি আবেদন জনাইছিল ৷ এই আবেদনৰ ভিত্তিতে পূৰ্বে ঘোষণা কৰা শাস্তিৰ দিন স্থগিত হোৱাৰ সম্ভাৱনা আছে ৷ জেল কৰ্তৃপক্ষই পূৰ্বে অভিযুক্ত বিনয় শৰ্মাক চাৰি নং কোঠাত ৰখাৰ বিপৰীতে আন তিনিজনক দুই নং কোঠাত ৰাখিছিল ৷

লগতে চাওকঃজম্মু-কাশ্মীৰৰ পুলৱামাত গ্ৰেপ্তাৰ সন্ত্ৰাসবাদীৰ সহযোগী

ABOUT THE AUTHOR

...view details