নেশ্যনেল ডেস্ক, 22 ফেব্ৰুৱাৰীঃদিল্লীৰ এখন আদালতে শনিবাৰে নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ড লাভ কৰা দোষীকেইজনৰ মাজৰ এজন দোষীৰ আবেদনৰ ৰায়দান সংৰক্ষিত কৰিছে ৷ যি আবেদনত দোষীজনৰ মানসিক ৰোগ, চিজ'ফ্ৰেনিয়া আৰু মূৰৰ লগতে হাতৰ উন্নত চিকিৎসাৰ দাবী কৰা হৈছে ৷ বিনয় শৰ্মাৰ তৰফৰ পৰা আবেদন কৰা হৈছিল য'ত, তেওঁৰ মানসিক ৰোগৰ চিকিৎসাৰ বাবে"উচ্চ স্তৰীয় উপাচাৰ"ৰ বাবে দিল্লীৰ মানৱ ব্যৱহাৰ আৰু প্ৰায়োগিক বিজ্ঞান প্ৰতিষ্ঠানলৈ স্থানান্তৰিত কৰিবলৈ এক নিৰ্দেশনা বিচাৰিছে ৷
নিৰ্ভয়া কাণ্ডঃ দোষীৰ আবেদনত আদালৰ ৰায়দান সংৰক্ষিত - বিনয় শৰ্মা
নিৰ্ভয়া কাণ্ডৰ মৃত্যুদণ্ড লাভ কৰা দোষীকেইজনৰ মাজৰ এজন দোষীৰ আবেদনৰ ৰায়দান সংৰক্ষিত কৰিছে দিল্লীৰ এখন আদালতে ৷ দোষীজনৰ মানসিক ৰোগ, চিজ'ফ্ৰেনিয়া আৰু মূৰৰ লগতে হাতৰ উন্নত চিকিৎসাৰ দাবী কৰা হৈছে আবেদনখনত ৷
Court reserves order on convict's plea
বিনয়ে চলিত সপ্তাহৰ আৰম্ভণিতে কাৰাগাৰৰ এখন দেৱালত মূৰত মাৰি নিজকে আঘাত কৰাৰ চেষ্টাও কৰিছিল ৷ তেওঁ ইয়াৰ বাবেও চিকিৎসা বিচাৰিছিল ৷ বিনয়ে এই সমস্ত আইনী প্ৰতিকাৰ সমাপ্ত কৰিছে ৷ তেওঁক আন তিনিগৰাকী দোষীৰ লগতে 3 মাৰ্চৰ পুৱা 6 বজাত ফাঁচী দিয়া হ'ব ৷ দণ্ডপ্ৰাপ্তসকলৰ মাজৰ পবন নামৰ এগৰাকীয়ে বৰ্তমানলৈ এখনো নিৰাময় আবেদনৰ প্ৰতিকাৰ গ্ৰহণ কৰিব কৰিব পৰা নাই ৷
লগতে পঢ়কঃট্ৰাম্পৰ ভাৰত ভ্ৰমণ : ট্ৰাম্পৰ সৈতে থাকিবলগীয়া আমোলাসকল !