অসম

assam

ETV Bharat / bharat

আজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই - DSP Davinder Singh latest news

আজি অধিক শোধ-পোছৰ বাবে সন্ত্ৰাসবাদীক সহায় কৰা জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই ৷ সূত্ৰ অনুসৰি, শ্ৰীনগৰত উপস্থিত হ'ব ৰাষ্ট্ৰীয় তদন্তকাৰীৰ এটা প্ৰতিনিধি দল ৷

আজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই
আজি ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই

By

Published : Jan 19, 2020, 2:11 PM IST

নেশ্যনেল ডেস্ক, 19 জানুৱাৰীঃ দেওবাৰে জম্মু-কাশ্মীৰলৈ ৰাওনা হ'ব ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটা প্ৰতিনিধি দল ৷ জম্মু-কাশ্মীৰ আৰক্ষীৰ শীৰ্ষ বিষয়া ডিএছপি দাভিন্দৰ সিঙৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা লাভৰ পাচতেই শনিবাৰে নিয়াকহস্তান্তৰকৰা হয় গোচৰটো ৷ যাৰ বাবে দেওবাৰে অধিক শোধ-পোছৰ বাবে শ্ৰীনগৰত উপস্থিত হৈ ডিএছপি দাভিন্দৰ সিঙক গ্ৰেপ্তাৰ কৰিব নিয়াই ৷

সূত্ৰ অনুসৰি, অধিক তথ্যৰ বাবে প্ৰায় এক সপ্তাহ ধৰি শ্ৰীনগৰত অনুসন্ধান চলাব দলটোৱে ৷ দলটোৱে ৰাজ্যখনৰ কুলগাম, কাজীগুড়, শ্ৰীনগৰ বিমান বন্দৰ আৰু সিঙৰ বাসগৃহতঅনুসন্ধান চলাব বুলি জানিব পৰা গৈছে ৷ আনহাতে অনুসন্ধানৰ পাচত দলটোৰ সৈতে ডিএছপি দাভিন্দৰ সিঙকো দিল্লীলৈ অনা হ'ব বুলি অনুমান কৰা হৈছে ৷

উল্লেখ্য যে, জম্মু-কাশ্মীৰ বিমানবন্দৰৰ সুৰক্ষাৰ দায়িত্বত থকা সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীক তিনিগৰাকীকৈ সন্ত্ৰাসবাদীৰ সৈতে হাতে-লোটে ধৰা পেলাইছিল সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ সিঙৰ সৈতে ধৰা পৰিছিল হিজবুল মুজাহিদ্দীন সন্ত্ৰাসবাদী নাভেদ বাবু, আতিফআৰুইৰফান মীৰ নামৰতিনিটা সন্ত্ৰাসবাদী ৷ চাৰিওজনক অস্ত্ৰসহ দক্ষিণ কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন বাহনৰ পৰা কৰায়ত্ত কৰিছিল সেনা-আৰক্ষীয়ে ৷

এইগৰাকী সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই জম্মু-কাশ্মীৰ আৰক্ষীত নিযুক্ত হোৱাৰ পিছৰে পৰাই সন্ত্ৰাসবাদীৰ সৈতে লগ-লাগি বহুকেইটা ঘটনা সংঘটিত কৰাৰ কথা জানিব পৰা গৈছে ৷ ইপিনে নতুন দিল্লীত হোৱা সংসদ ভৱন আক্ৰমণৰ ঘটনাৰ সৈতেও নাম সাঙোৰ খাই পৰিছিল দাভিন্দৰ সিঙৰ ৷ বিষয়াগৰাকীৰ গ্ৰেপ্তাৰৰ পিচতে জম্মু-কাশ্মীৰ চৰকাৰে তেওঁক প্ৰদান কৰা সকলো বঁটা ঘূৰাই লৈছে ৷

ABOUT THE AUTHOR

...view details