অসম

assam

ETV Bharat / bharat

সুষমা স্বৰাজৰ দৰেই সক্ৰিয় ৰূপত নতুন বৈদেশক মন্ত্ৰী

পূৰ্বৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ছ'ছিয়েল মিডিয়াৰ জৰিয়তে সহায় বিচৰা বহুকেইগৰাকী ভাৰতীয় বিদেশৰ মাটিত উদ্ধাৰ কৰিছিল ৷ স্বাস্থ্যজনিত কাৰণত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকে বিজেপিৰ নেতাগৰাকী ৷

Jaishankar

By

Published : Jun 2, 2019, 7:20 PM IST

নতুন দিল্লী,02 জুন : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচতেই যথেষ্ট সক্ৰিয় ৰূপত দেখা গ'ল মন্ত্ৰী এচ জয়শংকৰক ৷ পূৰ্বৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজৰ দৰেই ছ'চিয়েল মিডিয়াৰ জৰিয়তে সহায় বিচৰাসকলক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পাচত শনিবাৰে ৰিংকী নামৰ এগৰাকী মহিলাই ছ'চিয়েল মিডিয়াত মন্ত্ৰীগৰাকীৰ পৰা সহায় বিচাৰে ৷ বৰ্তমান ভাৰতত বসবাস কৰা মহিলাগৰাকীয়ে কয় বিগত ছয়মাহ ধৰি আমেৰিকাত থকা তেওঁৰ দুবছৰীয়া কন্যাক উভতাই আনিবলৈ চেষ্টা চলাই আহিছে ৷ এই ক্ষেত্ৰত তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা সহায় বিচাৰে ৷ মন্ত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত মহিলাগৰাকীক আমেৰিকাত থকা ভাৰতীয় দূতাবাসে সহায় কৰিব বুলি উত্তৰ দিয়ে ৷

আনহাত মহালক্ষ্মী নামৰ এগৰাকী মহিলাই কয় যে , ইটলী আৰু জাৰ্মানী ভ্ৰমণৰ সময়ত তেওঁৰ , স্বামী আৰু পুত্ৰৰ পাচপ'ৰ্ট চুৰি হয় ৷ 6 জুনত ভাৰতলৈ উভতি আহিবলগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান কৰে মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীক ভাৰতীয় দূতাবাসে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে ৷


উল্লেখ যোগ্য যে , পূৰ্বৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে ছ'ছিয়েল মিডিয়াৰ জৰিয়তে সহায় বিচৰা বহুকেইগৰাকী ভাৰতীয় বিদেশৰ মাটিত উদ্ধাৰ কৰিছিল ৷ স্বাস্থ্যজনিত কাৰণত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পৰা বিৰত থাকে বিজেপিৰ নেতাগৰাকী ৷

ABOUT THE AUTHOR

...view details