অসম

assam

By

Published : Jun 11, 2020, 7:02 PM IST

ETV Bharat / bharat

ভাৰতে অধিগ্ৰহণ কৰা ভূমি জব্দ কৰিবলৈ সক্ষম হমঃ নেপালৰ প্ৰধানমন্ত্ৰী

বৃহস্পতিবাৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে জনাই যে,ঐতিহাসিক ঘটনা আৰু তথ্যৰ ভিত্তিত কালাপানীৰ সমস্যা সমাধানৰ চেষ্টা চলাব । আমি আলোচনাৰ মাজেৰে ভাৰতে অধিগ্ৰহণ কৰা অঞ্চলটি আনিবলৈ সক্ষম হম বুলি নেপালৰ প্ৰধানমন্ত্ৰীয়ে জনাই ।

nepal-will-get-back-land-from-india-through-dialogue-pm-oli
nepal-will-get-back-land-from-india-through-dialogue-pm-oli

নিউজ ডেস্ক, ১১ জুন : বৃহস্পতিবাৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে জনাই যে,ঐতিহাসিক ঘটনা আৰু তথ্যৰ ভিত্তিত কালাপানীৰ সমস্যা সমাধানৰ চেষ্টা চলাব । বুধবাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে সদনৰ প্ৰশ্নৰ উত্তৰত জনাই যে,আমি আলোচনাৰ মাজেৰে ভাৰতে অধিগ্ৰহণ কৰা অঞ্চলটি আনিবলৈ সক্ষম হম ।

ভাৰতে অধিগ্ৰহণ কৰা ভূমি জব্দ কৰিবলৈ সক্ষম হমঃ নেপালৰ প্ৰধানমন্ত্ৰী

উল্লেখযোগ্য যে,লক ডাউনৰ মাজতে নেপালৰ সাংসদ সকলে নিম্ন সদনত সংবিধান সংশোধনী বিধেয়ক উখাপন কৰা হৈছে । যাৰ জৰিয়তে দেশখনৰ নতুন মানচিত্ৰ গ্ৰহণৰ চেষ্টা চলোৱা হৈছে ।

৩০ মে'ত মানচিত্ৰ সংশোধনীৰ বাবে সংসদত বিধেয়ক উখাপন কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত কাঠমাণ্ডত নতুন ৰাজনৈতিক মানচিত্ৰ গঠন কৰা হ'ল যত ভাৰতত অৱস্থিত লিম্পিয়াধুৰা,কালাপানী আৰু লিপুলেখ অঞ্চলক নেপালত অন্তভুক্ত কৰাৰ বাবে চেষ্টা চলাইছে । আৰু বৰ্তমান নেপাল চৰকাৰে নতুন মানচিত্ৰৰ জৰিয়তে উক্ত অঞ্চল কেইটা নিজ ৰাষ্ট্ৰত অন্তভূক্ত কৰিবলৈ চেষ্টা চলাইছে ।

লগতে পঢ়ক : ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

ABOUT THE AUTHOR

...view details