অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ঃ ভাৰতবৰ্ষত গুণগত গৱেষণাৰ ক্ষেত্ৰখনৰ এক অনুঘটক

বিজ্ঞান,প্ৰযুক্তিবিদ্যা,অভিযান্ত্ৰিক আৰু অংকশাস্ত্ৰ বিষয়সমূহ (STEM)ৰ ক্ষেত্ৰখনত কৰা গৱেষণাবোৰৰ সৰহভাগেই বিশ্ববিদ্যালয়সমূহৰ বাহিৰত সম্পন্ন কৰা হয় ৷ বিশ্ববিদ্যালয়সমূহৰ গৱেষকসকলে এহাতে ভাৰতৰ ভিতৰতে বিজ্ঞানীসকলৰ লগত আৰু আনহাতে দেশৰ বাহিৰত এইসমূহ বিষয়ত বিশ্ব নেতৃত্ব বহন কৰি থকাসকলৰ লগত ফেৰ মাৰিব লগীয়া হয় ৷ বিশ্ববিদ্যালয়বোৰৰ এই ক্ষেত্ৰত সুবিধাটো হ’ল বছৰৰ পাচত বছৰ ধৰি ইয়ালৈ হোৱা যুৱ প্ৰতিভাসমূহৰ আগমন ৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ঃ ভাৰতবৰ্ষত গুণগত গৱেষণাৰ ক্ষেত্ৰখনৰ এক অনুঘটক
ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ঃ ভাৰতবৰ্ষত গুণগত গৱেষণাৰ ক্ষেত্ৰখনৰ এক অনুঘটক

By

Published : Aug 11, 2020, 12:47 PM IST

ডৰ্জনৰো অধিক পাঁচ বছৰীয়া পৰিকল্পনা বলৱৎ কৰাৰ পাচত অৱশেষত ৬০ বছৰৰ মূৰত “পৰিকল্পনা আয়োগ”ক ভাৰত চৰকাৰে পৰিত্যাগ কৰি ইয়াক ‘নিটি (National Institute for Transforming India) আয়োগ’ (আক্ষৰিকভাৱে যাৰ অৰ্থ Policy Commission) নামেৰে পুনঃ নামকৰণ কৰে ৷ ‘নিটি আয়োগে’ প্ৰথম পাঁচ বছৰত ভাৰতবৰ্ষলৈ পৰিৱৰ্তন আনিবৰ বাবে কৰা সালসলনিবোৰৰ কাৰণে খুবেই জনাজাত হৈ পৰিছিল ৷ ‘নিটি আয়োগে’ ৰাজহুৱা ব্যয়ত সুক্ষ্ম নিৰীক্ষণ তথা উপলব্ধ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ জৱাবদিহিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল ৷ অপৰিহাৰ্য পৰিৱৰ্তনটি আছিল ভাৰত চৰকাৰৰ প্ৰকল্পসমূহক এক ‘ডিজিটেল মুড’ প্ৰক্ৰিয়াৰ জৰিয়তে বাস্তৱায়িত কৰা আৰু ৰাজহুৱা ধন ব্যয়ৰ ক্ষেত্ৰত বৰ্দ্ধিত স্বচ্ছতা আৰু জৱাবদিহিতাক আনিবলৈ ‘পাব্লিক ফাণ্ড মেনেজমেন্ট ছীষ্টেম’ (PFMS)ৰ প্ৰয়োগ কৰি নিৰীক্ষণ কৰা ৷ কিন্তু ইয়াক এতিয়া ৩০ বছৰৰ পাচত সংশোধিত কৰি নকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP) কৰা হ’ল ৷ ইয়াত ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাবোৰক বিশ্ব মানদণ্ডৰ কৰি তুলি ইয়াৰ গুণগত মান উন্নত কৰিবলৈ ইয়াৰ নমনীয়তা আৰু জৱাবদিহিতাৰ সৈতে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থালৈ পৰিৱৰ্তন অনাৰ আশা কৰা হৈছে ৷ যদিও ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (NEP)ত অনেক সংখ্যক নতুন নীতি নিৰ্দেশনাৰ উল্লেখ আছে; কিন্তু এই নিবন্ধটি মূলত গৱেষণা সম্বন্ধীয় নীতিবোৰতে সীমাবদ্ধ থাকিব ৷

STEMৰ ধ্যান STEAM লৈ স্থানান্তৰিত কৰা হ’ব

শিক্ষা আৰু গৱেষণা সদায়ে হাতত হাত ধৰি আগুৱাই ৷ এখন ৰাষ্ট্ৰক আত্মনিৰ্ভৰশীল কৰি তুলাৰ ক্ষেত্ৰত গৱেষণাৰ যথেষ্ট অৰিহণা থাকে আৰু যি সময়ত ভাৰতবৰ্ষই “আত্মনিৰ্ভৰশীল ভাৰত”ৰ কথা কৈ আছে তেনেস্থলত ই আৰু প্ৰাসংগিক হৈ পৰিছে ৷ গৱেষণাৰ ক্ষেত্ৰখনত প্ৰয়োগ কৰা বিনিয়োগে এক দীৰ্ঘসময়ৰ জুৰি ধাৰাবাহিকভাৱে উচ্চ আয় প্ৰদান কৰিব ৷ গৱেষণাৰ বিনিয়োগৰ কাৰণে হোৱা খৰছে সদায়ে উচ্চ পৰিমাণৰ মুনাফা দিয়ে ৷ বিদ্যালয়,মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত যুৱ মানসিকতাক জোৰ কৰি কলা-সংস্কৃতি,ভাষাগত তথা আৰ্থ-সামাজিক ভিন্নতাসমূহৰ লগত বাধ্যতামূলকভাৱে পৰিচিত কৰাই দিলে ই বহু ছাত্ৰ-ছাত্ৰীক আমাৰ সমাজখন জৰ্জৰিত কৰি ৰখা সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ অনুপ্ৰেৰণা যোগাব ৷ মানৱিক বিষয়সমূহ আৰু সমাজ বিজ্ঞান বিষয়সমূহৰ সমস্যাবোৰৰ লগত হোৱা এনেবোৰ পৰিচিতেই ইয়াৰ বিষয়ে গৱেষণা কৰিবলৈ উৎসাহ যোগায় ৷ এই উৎসাহ গৱেষণা সংস্কৃতিক প্ৰতিপালন কৰা বিশ্ববিদ্যালয়সমূহত আৰু তীক্ষ্ণ হৈ উঠে ৷ কিন্তু বিজ্ঞান,প্ৰযুক্তিবিদ্যা,অভিযান্ত্ৰিক আৰু অংকশাস্ত্ৰ বিষয়সমূহ (STEM)ৰ ক্ষেত্ৰখনত কৰা গৱেষণাবোৰৰ সৰহভাগেই বিশ্ববিদ্যালয়সমূহৰ বাহিৰত সম্পন্ন কৰা হয় ৷ বিশ্ববিদ্যালয়সমূহৰ গৱেষকসকলে এহাতে ভাৰতৰ ভিতৰতে বিজ্ঞানীসকলৰ লগত আৰু আনহাতে দেশৰ বাহিৰত এইসমূহ বিষয়ত বিশ্ব নেতৃত্ব বহন কৰি থকাসকলৰ লগত ফেৰ মাৰিব লগীয়া হয় ৷ বিশ্ববিদ্যালয়বোৰৰ এই ক্ষেত্ৰত সুবিধাটো হ’ল বছৰৰ পাচত বছৰ ধৰি ইয়ালৈ হোৱা যুৱ প্ৰতিভাসমূহৰ আগমন ৷ ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত এক বৃহৎ সংখ্যক উচ্চ শিক্ষানুষ্ঠানসমূহসহ,বিশ্ববিদ্যালয়বোৰ,আই আই টি, এন আই আই টি (NIITs)বোৰক বহুবিষয়ক (multidisciplinary) শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য থিৰাং কৰা হৈছে ৷ এই নীতিয়ে উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে কেৱল STEM বিষয়সমূহতে গৱেষণা সীমিত নাৰাখি বৰঞ্চ STEAM (কলাৰ এক উল্লেখযোগ্য উপাদান সংলগ্ন কৰা) বিষয়বোৰত ধ্যান দিয়া প্ৰতিষ্ঠানলৈ ৰূপান্তৰ কৰাৰ অভিপ্ৰায় পুহি ৰাখিছে ৷ এই প্ৰক্ৰিয়াত শিক্ষা নীতিয়ে বিশ্ব আৰু বিশেষভাৱে ভাৰতবর্ৰষৰ বাবে কলা আৰু সমাজ বিজ্ঞানৰ বিষয়বোৰৰ মহত্বৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে ৷

ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্বন (National Research Foundation)

বহুকেইজন ভাৰতীয় অধ্যাপকে ভাৰতৰ গৱেষণাৰ ওপৰত হোৱা বিনিয়োগৰ অনন্য ৰূপটোক উন্নত দেশসমূহত তেওঁলোকৰ সমসাময়িকসকলে কৰা এক তীক্ষ্ণ পৰ্যবেক্ষণৰ বিষয়ে অনুভৱ কৰিছে ৷ ভাৰত চৰকাৰৰ দাৰা পোন্ধৰ হাজাৰতকৈও অধিক‘জলপানি’আৰু কেইবাহাজাৰকো ‘প’ষ্ট-ডক্ট’ৰেল জলপানি’ৰ বাবে সাহাৰ্য প্ৰদান কৰি থকা হৈছে ৷ ইয়াৰ উপৰিও আমাৰ হাতত “প্ৰধান মন্ত্ৰী গৱেষণা জলপানি (PMRF) যোজনা”ৰ অধীনত আকৰ্ষণীয় আৰু অতি দক্ষ গৱেষণা জলপানি উপলব্ধ আছে ৷ ভাৰতৰ গৱেষণা জলপানি সমূহৰ মূল উদ্দেশ্য হ’ল প্ৰতিভাধৰ যুৱচামক কোনো বাধ্যবাধকতা নোহোৱাকৈ মনপ্ৰাণ ঢালি কৌতুহল উদ্দীপক গৱেষণা কৰিবলৈ আকৰ্ষণ আৰু অনুপ্ৰাণিত কৰা ৷ এনে এক বৃহৎ পৰিসৰত,এক ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাৰ যোগেদি পি. এইছ. ডি.ৰ বাবে পোনপটীয়া গৱেষণা জলপানিৰ সাহাৰ্য আগবঢ়োৱাটো ভাৰতবৰ্ষৰ বাবে এক অদ্বিতীয় পৰিঘটনা ৷ উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰত গৱেষকসকলক মুক্তহস্তে আৰু গৱেষণা প্ৰয়োগশালাবোৰত বিজ্ঞানীসকলক এক যথোপযুক্ত উচ্চ হাৰত (গৱেষণা অনুদানৰ বিশ্ব প্ৰতিযোগিতাখনৰ তুলনাত) গৱেষণা অনুদান দিয়া হৈছে ৷ উচ্চ শিক্ষানুষ্ঠানৰবোৰৰ গৱেষণাৰ বাবে প্ৰয়োজন হোৱা আন্তগাঠনিৰ সঠিকভাৱে অনুদান দিয়া হৈছে আৰু এক পৰিশিলিত পৰিৱেশত এইসমূহ প্ৰতিষ্ঠানে সুন্দৰ প্ৰদৰ্শন কৰিছে ৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ (DST), জৈৱ-প্ৰযুক্তিবিদ্যা বিভাগ (DBT), ভাৰতীয় কৃষি গৱেষণা পৰিষদ (ICAR), বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR), বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC) আদিৰ দাৰা বিভিন্ন ধৰণৰ যোজনা সম্পাদিত কৰা হৈছে ৷ ইয়াৰ উপৰিও ব্যক্তিগতভাৱে পোনপটীয়াকৈ গৱেষক দলসমূহক অনুদান প্ৰদান কৰা হৈছে ৷ এনে সাহাৰ্যসমূহৰ ব্যৱহাৰেৰে কিছু সংখ্যক কেন্দ্ৰীয় পৰিচালিত উচ্চ শিক্ষা প্ৰতিষ্ঠান যেনে বেনাৰস হিন্দু বিশ্ববিদ্যালয়, দিল্লী বিশ্বদ্যালয়, হায়দৰাবাদ বিশ্ববিদ্যালয় আদিয়ে উচ্চ মানদণ্ডৰ গৱেষণাৰে উৎকৃষ্টতা প্ৰাপ্তি কৰিছে আৰু ইনষ্টিটিউত অৱ এমিনেঞ্চ (IoE)ৰ এক ঈৰ্ষণীয় মৰ্যদা পাবলৈ সক্ষম হৈছে ৷ এই প্ৰাপ্তিৰে এই বিশ্ববিদ্যালয়সমূহে উৎকৃষ্টমানৰ গৱেষণা কৰা প্ৰমুখ প্ৰতিষ্ঠান যেনে ভাৰতীয় বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান আৰু কেইখনমান আই আই টিয়ে লাভ কৰা ইনষ্টিটিউত অৱ এমিনেঞ্চ (IoE)ৰ লীগত যোগদান কৰিবলৈ সক্ষম হৈছে ৷ গৱেষণা বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হোৱা আৰু অধিক এনে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ভাৰতবৰ্ষক প্ৰয়োজনীয়তা আছে ৷ এই বিষয়ে ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিত সুস্পষ্টকৈ বৰ্ণনা কৰা হৈছে ৷ তীক্ষ্ন বুদ্ধিমত্তাৰ ছাত্ৰ-ছাত্ৰীসকললৈ জলপানি আৰু গৱেষকসকল আৰু বিজ্ঞানীসকললৈ আগবঢ়োৱা গৱেষণা অনুদানে ভাৰতৰ গৱেষণা সংস্কৃতিৰ ক্ষেত্ৰখনত নাটকীয় উন্নতি সাধন কৰিছে ৷ ‘টেক্স পেয়াৰছ’ৰ ধন গৱেষণাত ব্যয় কৰাৰ ক্ষেত্ৰত অধিক জৱাবদিহিতা আনিবলৈ হ’লে বৰ্তমানৰ প্ৰয়াসৰ লগত সুন্দৰ তাল-মিলৰ অতিকৈ প্ৰয়োজন ৷ গুণগত গৱেষণাৰ ফলাফলৰ বাবে উৎসাহ যোগোৱাৰ লক্ষ্যৰে ২০২০ শিক্ষা নীতিত আলোচিত ‘দ্য নেশ্বনেল ৰিছাৰ্ছ ফাউণ্ডেশ্বন’ (NRF)ক স্বচ্ছতা আৰু জৱাবদিহিতা প্ৰাপ্তিৰ দিশত অগ্ৰগতি লাভ কৰিব পৰা এক পদক্ষেপ বুলি ক’ব পৰা যায় ৷ ‘দ্য নেশ্বনেল ৰিছাৰ্ছ ফাউণ্ডেশ্বন’ক গৱেষণাৰ প্ৰাথমিকতা,জাতীয় প্ৰয়োজনীয়তাসমূহ বিচাৰি উলিওৱা, গৱেষকসকলক বিশ্ব মানদণ্ডৰ গৱেষণা সম্পন্ন কৰিবলৈ সমৰ্থন যোগোৱা আৰু গৱেষণা নিধিসমূহ পোৱা ব্যক্তি তথা কোনো দলৰ গৱেষণা কাৰ্য নিৰিক্ষণ কৰাৰ বাবে গঠন কৰা হৈছে ৷ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ বাবে ‘দ্য নেশ্বনেল ৰিছাৰ্ছ ফাউণ্ডেশ্বন’ হ’ল দেশত গৱেষণা পৰিস্থিতি তন্ত্ৰক পৰিৱৰ্তন কৰাৰ এক আহিলা ৷

গৱেষণা সংস্কৃতিৰ প্ৰতিপালন

আমাৰ দেশত এহাজাৰতকৈও অধিক উচ্চ শিক্ষা প্ৰিতষ্ঠান আছে আৰু এই প্ৰতিষ্ঠানসমূহৰ অধিক সংখ্যকেই গৱেষণা বিশ্ববিদ্যালয় হিচাপে যোগ্যতা অৰ্জন কৰিব লাগিব ৷ কেন্দ্ৰীয় আৰু ৰাজ্য উভয় চৰকাৰেই সাৱধানতাৰে কৌশলবোৰ প্ৰস্তুত কৰি ইখনে আনখনৰ প্ৰচেষ্টাবোৰ পূৰ্ণ কৰাত পৰিপূৰক হিচাপে কাম কৰিব লাগিব আৰু যাতে ইখনে আনখনৰ কামত হস্তক্ষেপ কৰিব নকৰে তাৰ বাবেও ধ্যান দিব লাগিব ৷ ভাৰত চৰকাৰে নিজৰ কৰণীয় হিচাপে গৱেষণা নৈতিকতাক উলংঘন নকৰাকৈ উচ্চ মানদণ্ডৰ গৱেষণা প্ৰচাৰৰ হেতু কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ সফলতাৰ কাহিনীবোৰৰ ভিত্তিত যোজনা বিকশিত কৰিব লাগিব ৷ ৰাজহুৱা প্ৰতিষ্ঠানবোৰৰ জটিলতা আৰু জড়তাৰ প্ৰতি লক্ষ্য ৰাখি স্থায়ী সংস্থাপন দিয়া এনে এক আৰ্হিক দায়িত্ববোধ আৰু জৱাবদিহিতা তৈয়াৰ কৰা আৰ্হিৰ সৈতে জোৰা লগাব লাগিব যি পাঁচ বা সাত বছৰীয়া ঠিকাৰ ভিত্তিত কাম কৰিবলৈ অহা পেচাদাৰীৰ কামৰ সৈতে একে নহবও পাৰে ৷ যুৱচামৰ নিশ্চিত নিযুক্তিৰ বাবে ন্যুনতম ফলাফলৰ প্ৰয়োজন হোৱা আৰু যুৱচামৰ মাজত আত্মবিশ্বাস জগাই তোলা এক ব্যৱস্থা ‘হাইব্ৰিড মডেল’হ’ব পাৰে ৷ প্ৰাৰম্ভিক সংকেটবোৰে ইংগিত বহন কৰিছে যে এনে এক ‘হাইব্ৰিড মডেল’ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান আৰু ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (IISER)ত দীৰ্ঘ সময়জুৰি সফলতাৰে চলি আছে ৷ একে সময়তে এইটো সুনিশ্চিত কৰাও জৰুৰী হ’ব যে উচ্চ শিক্ষা প্ৰতিষ্ঠানবোৰে এক সুস্থ গৱেষণা সংস্কৃতি গঢ়ি তুলে ৷ এনে এক সংস্কৃতি যিয়ে উপযুক্ত গৱেষণামূলক প্ৰশ্ন সোধা কাৰ্যক উদগনি যোগাই,এনে এক সংস্কৃতি যিয়ে ‘ইনক্ৰিমেন্টেল’ বা ‘ডিছৰাপটিভ’ উদ্ভাৱনক উদগনি যোগাই, এনে এক সংস্কৃতি যিয়ে যুৱ চামক ষ্টাৰ্ট আপৰ বাবে অনুদান যোগায়, এনে এক সংস্কৃতি যিয়ে সহযোগিতাক উৎসাহ দিয়ে, এনে এক সংস্কৃতি যি আন্তঃবিষয়সমূহৰ গৱেষণাৰ দুৱাৰ মুকলি কৰিব, এনে এক সংস্কৃতি যিয়ে গৱেষক সকলক ডাঙৰ ডাঙৰ প্ৰশ্নবোৰ উন্মোচনৰ বাবে অনুমতি দিব… ইত্যাদি বিষয়বোৰ,ভাৰতবৰ্ষই বিশ্বৰ লগত ফেৰ মাৰিবলৈ হ’লে আৰু অধিক সংখ্যক উচ্চ শিক্ষা প্ৰতিস্থানবোৰত প্ৰস্তুত আৰু প্ৰতিপালন কৰিব লাগিব ৷

যথেষ্ট পৰিমাণে থকা ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ আকৌ নিজৰে একাধিক ভিন্ন সমস্যা আছে ৷ সৰহসংখ্যক ৰাজ্যিক বিশ্ববিদ্যালয়েই অধিক সংখ্যক যুৱচামেৰে ভৰি আছে ৷ অথচ য’ত অধ্যাপকৰ সংখ্যা তেনেই নগণ্য ৷ এক দহ বাৰ বছৰীয়া অন্তৰালত কেতিয়াবা ফেকাল্টিৰ প্ৰয়োজন কস্মিনকালেহে অনুভুত হয় ৷ এনেবোৰ বিষয়েই গৱেষণাৰ সুযোগবোৰ ধূলিসাৎ কৰি দিয়ে ৷ অনেক বিশ্ববিদ্যালয়েই গৱেষণাৰ বিষয়ে চিন্তা কৰিবৰ বাবে আন্তঃগাঠনিৰ নাটনিত ভুগি আছে ৷ এনে পৰিস্থিতিত যুৱ গৱেষকসকল নিজৰ গৱেষণাৰ লক্ষ্যত উপনীত হ’বলৈ এঠাইৰ পৰা আনঠাইলৈ তাত বাতি কাঢ়ি থাকোতেই সময় পাৰ হয় ৷ কিছু সংখ্যক চৌহদৰ আকৌ ইন্টাৰ্নেট সেৱাৰ কথা বাদেই,পানী আৰু বিদ্যুতৰ নিয়মীয়া যোগানৰো ব্যৱস্থা নাই ৷ বহু কেইখন ৰাজ্য চৰকাৰৰ বাবে এইয়া জোৰ পুৰি হাত পোৱাৰ সময় ৷ তেওঁলোকে সময় থাকোতেই সঞ্জিৱনী ধালি বিশ্বিদ্যালয় চৌহদবোৰক পুনৰুজ্জীৱিত কৰি তুলি এক উজ্জীৱিত গৱেষণা সংস্কৃতিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিব লাগিব ৷ অন্যথা গৱেষণা বিশ্ববিদ্যালয়ৰ মৰ্যদা পোৱাৰ যি প্ৰতিযোগিতা তাত বৰ্তি থাকিব নোৱাৰিব ৷ আন্না বিশ্ববিদ্যালয়,পুণেৰ সাবিত্ৰিবাই ফুলে বিশ্ববিদ্যালয়, যাদৱপুৰ বিশ্ববিদ্যালয়, পাঞ্জাৱ বিশ্ববিদ্যালয় আদি ৰাজ্যিক বিশ্ববিদ্যালয়বোৰৰ বাবে অনুকৰণ কৰিবলৈ আদৰ্শ হ’ব পাৰে ৷ যিহেতু শিক্ষা এক সমকালিক বিষয়, গতিকে ভাৰত চৰকাৰে ৰাজ্যিক চৰকাৰ সমূহৰ পৰা এক বৃহৎ পৰিসৰত সহযোগিতা পাবলৈ সক্ষম হ’ব লাগিব যাতে গৱেষণাৰ ক্ষমতা আৰু স্থানীয় প্ৰয়োজনীয়তাবোৰক পূৰাব পৰা বিশ্ব মানদণ্ডৰ গৱেষণাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ সপোনটোক বাস্তৱত ৰূপায়ণ কৰিব পাৰি ৷ ইয়াৰ বাবে এক অতি দক্ষ পৰিচালনা ব্যৱস্থাৰ প্ৰয়োজন হ’ব,যিয়ে আঙুলিৰ (লেপটপ অৰু ম’বাইল) থাৰতে মুখামুখী নোহোৱাকৈয়ে মূল্যায়ন কৰাত সহায় কৰিব পাৰিব ৷ মহামাৰীৰ সময়ত ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে সমাপন হোৱা সভাবোৰৰ অভিজ্ঞতা এতিয়া ‘নিউ নৰ্মেল’ হৈ পৰিব ৷ কিয়নো ই শক্তি আৰু সময় দুয়োকে ৰাহি কৰে আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল ই কাৰ্য দক্ষতা বঢ়ায় ৷

লেখক- অধ্যাপক আপ্পা ৰাও পোদাইল,উপাচাৰ্য আৰু জে ছি বোস ফেল’ (ডি এছ টি)

হায়দৰাবাদ বিশ্ববিদ্যালয়

ABOUT THE AUTHOR

...view details