নেশ্যনেল ডেস্ক, 12 অক্টোবৰ:সোমবাৰে উচ্চতম ন্যায়ালয়ে COVID-19 ত সংক্ৰমিত হোৱাৰ লগতে কণ্টেইনমেণ্ট জ'নত থকা NEET পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলৰ বাবে অহা 14 অক্টোবৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি প্ৰদান কৰিছে ৷
ৰৈ যোৱা পৰীক্ষাৰ্থীসকলে 14 অক্টোবৰত দিব পাৰিব NEET পৰীক্ষা: উচ্চতম ন্যায়ালয় - NEET পৰীক্ষা
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে COVID-19 সম্পৰ্কীয় কাৰণৰ বাবে NEET পৰীক্ষাত অংশগ্ৰহণ কৰিব পৰা নাছিল, সেইসকল শিক্ষাৰ্থীয়ে অহা 14 অক্টোবৰত পৰীক্ষাত বহিব পাৰিব ৷ পৰীক্ষাৰ ফলাফলসমূহ 16 অক্টোবৰত ঘোষণা কৰা হ'ব ৷
উচ্চতম ন্যায়ালয়
ভাৰতৰ মুখ্য ন্যায়াধীশ এছ.এ ববদেৰ নেতৃত্বৰ এখন বিচাৰপীঠে অহা 14 অক্টোৰত শিক্ষাৰ্থী সকলক পৰীক্ষাত অংশগ্ৰহণ কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে, 16 অক্টোবৰত ফলাফলসমূহ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰে ৷
লগতে পঢ়ক:আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে