নেশ্বনেল ডেক্স,23 মাৰ্চঃ সোমবাৰে এক জৰুৰীকালীন বৈঠকৰ আহ্বান কৰে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে ৷ দেশত ক্ৰমাৎ বৃদ্ধি পোৱা কৰ’ণা ভাইৰাছৰ ঘটনাৰ উপৰিও বিভিন্ন ৰাজ্যসমূহত ঘোষণা কৰা লক ডাউনৰ লগতে সদনৰ অধিৱেশনৰ সময়সূচীৰ ওপৰত এই সভাত আলোচনা কৰা হয় ৷
ইতিমধ্যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমূহে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা 75খন জিলাক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও বন্ধ কৰি দিয়া হৈছে আন্তঃৰাজ্যিক বাছ সেৱা ৷ লক ডাউন ঘোষণা কৰা ৰাজ্যসমূহ হৈছে- উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ,কৰ্ণাটক,পাঞ্জাৱ,কেৰালা,তামিলনাডু ৷
চৰকাৰে ইতিমধ্যে কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে পৰৱৰ্তী জাননী প্ৰদান নকৰা পৰ্যন্ত প্ৰায় সকলো ৰাজ্যৰে আন্তঃৰাজ্যিক বাছ চলাচল বন্ধ ঘোষণা কৰিছে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কৰ’ণাৰ ভয়ৱহতাৰ প্ৰতি লক্ষ্য কৰিয়ে সদনৰ বাজেট অধিৱেশনখন 3 এপ্ৰিল’ৰ পূৰ্বে সমাপ্ত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ৷ লক ডাউনৰ পিছতেই কেইবাখনো ৰাজ্যত নিৰ্ধাৰিত সময়ৰ পূৰ্বে সদনৰ অধিৱেশন স্থগিত কৰাৰ বাবে ইতিমধ্যে দাবী উত্থাপন কৰা হৈছে ৷