অসম

assam

By

Published : Aug 19, 2020, 9:58 PM IST

ETV Bharat / bharat

ঝাৰখণ্ডৰ আৰক্ষী মহাপৰিদৰ্শক নিযুক্তি প্ৰসংগৰ আবেদন নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

ঝাৰখণ্ডত এম ভি ৰাওক আৰক্ষী মহাপৰিদৰ্শক হিচাবে নতুনকৈ নিযুক্তিৰ বিৰোধিতা কৰি আদালতক দিয়া আবেদনক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিলে খাৰিজ । আদালতে ক'লে, এয়া চাৰ্ভিচ প্ৰসংগৰে জড়িত এটা বিষয়। ইয়াক জনহিত আবেদনৰ শাৰীত ৰখাটো অনুচিত ।

SC installs MV Rao as Jharkhand DGP, dismisses plea
ঝাৰখণ্ডৰ আৰক্ষী মহাপৰিদৰ্শক নিযুক্তি প্ৰসংগৰ আবেদন নাকচ সৰ্বোচ্চ ন্যায়ালয়ৰ

নেশ্ব্যনেল ডেস্ক,১৯আগষ্ট: ঝাৰখণ্ডত এম ভি ৰাওক আৰক্ষী মহাপৰিদৰ্শক নিযুক্তিৰ বিৰোধিতা কৰি আদালতক দিয়া আবেদনক দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিলে খাৰিজ । আদালতে ক'লে, এয়া চাৰ্ভিচ প্ৰসংগৰে জড়িত এটা বিষয় । ইয়াক জনহিত আবেদনৰ শাৰীত ৰখাতো অনুচিত ।

প্ৰহ্লাদ সিং নামৰ এজন ব্যক্তিয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰি ৰাজ্যখনৰ আৰক্ষী মহাপৰিদৰ্শকৰ নতুন নিযুক্তিক দিছিল চেলেঞ্জ । এই আবেদনৰ প্ৰসংগত বুধবাৰে দেশৰ মুখ্য ন্যায়াধীশৰ আদালতত চলিছিল ১৫ মিনিটৰ যুক্তি তৰ্ক । যুক্তি তৰ্কৰ অন্তত আদালতে শেষ সিদ্ধান্ত দি ক'লে, এই আবেদন অগ্ৰাহ্য কৰা হৈছে ।

উল্লেখ্য যে, ১৩ মাৰ্চত ঝাৰখণ্ড চৰকাৰে পূৰ্বৰ আৰক্ষী মহাপৰিদৰ্শক কমল নয়ন চৌবেক কৰিছিল সেই পদবীৰ পৰা কৰিছিল স্থানান্তৰ । তেওঁৰ পৰিৱৰ্তে এম ভি ৰাওক নিযুক্তি দিয়া হৈছিল ৰাজ্যখনত নতুন আৰক্ষী মহাপৰিদৰ্শক হিচাবে । ইয়াৰ পিছতে বিৰোধী দলৰ নেতা সকলে এই ৰদ-বদলক লৈ প্ৰকাশ কৰিছিল বিৰোধিতা ।

ABOUT THE AUTHOR

...view details