অসম

assam

ETV Bharat / bharat

মহাৰাষ্ট্ৰত বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে নৌ সেনাৰ উদ্ধাৰ অভিযান - প্ৰৱল বৃষ্টিপাত

জানিব পৰা মতে উদ্ধাৰকাৰী দলটোৱে NDRF বাহিনী,অগ্নিনিৰ্বাপক বাহিনী,আৰু নেভেল দলৰ সহযোগত প্ৰায় সহস্ৰাধিক লোকক মিথি নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰিবলৈ কুৰলাৰ ক্ৰান্তিনগৰ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ।

মহাৰাষ্ট্ৰত বানত আৱদ্ধ লোকক উদ্ধাৰৰ বাবে 'ইণ্ডিয়ান নেভি'ৰ উদ্ধাৰ অভিযান

By

Published : Jul 2, 2019, 3:09 PM IST

Updated : Jul 2, 2019, 4:20 PM IST

নিউজ ডেস্ক, ২ জুলাই :বিগত কিছু দিন ধৰি মহাৰাষ্ট্ৰাত হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত মহাৰাষ্ট্ৰত বহু ঠাইত বানৰ সৃষ্টি হৈছে। সেয়ে ভাৰতীয় নৌ সেনাই মঙলবাৰে বানত আৱদ্ধ হৈ থকা লোক সকলক উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰাকাৰী দল নিয়োগ কৰে।
উদ্ধাৰাকাৰী দলটোৱে মহাৰাষ্ট্ৰাৰ কুৰলাত আৱদ্ধ হৈ থকা স্থানীয় লোক সকলক উদ্ধাৰ কৰে। জানিব পৰা মতে উদ্ধাৰকাৰী দলটোৱে NDRF বাহিনী,অগ্নিনিৰ্বাপক বাহিনী,আৰু নৌ সেনাৰ সহযোগত প্ৰায় সহস্ৰাধিক লোকক মিথি নৈৰ বাঢ়নি পানীৰ পৰা ৰক্ষা কৰিবলৈ কুৰলাৰ ক্ৰান্তিনগৰ অঞ্চলৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে। ইপিনে বতৰ বিজ্ঞান প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰত হ'ব লগীয়া মূষলধাৰ বৰষুণৰ আগজাননী দিয়াৰ বাবে ৰাজ্য চৰকাৰে সোমবাৰে অৰ্থাৎ আজি ৰাজহুৱা বন্ধৰ দিন ঘোষণা কৰে। লগতে বতৰৰ পৰিস্থিতিলৈ চাই বাসিন্দা সকলক ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাই প্ৰশাসনে ।

Last Updated : Jul 2, 2019, 4:20 PM IST

ABOUT THE AUTHOR

...view details