অসম

assam

ETV Bharat / bharat

কেৰালাত মচজিদ কৰ্তৃপক্ষই জনসমাৱেশ ৰোধৰ বাবে গ্ৰহণ কৰিছে স্মাৰ্ট-কাৰ্ডৰ ব্যৱস্থা - মচজিদত আল্লাৰ প্ৰাৰ্থনা

মচজিদলৈ অহা অঞ্চলটোৰ লোকসকলক স্মাৰ্ট-কাৰ্ড প্ৰদান কৰিব মচজিদ কৰ্তৃপক্ষই। লোকসকলে প্ৰথমে নিজৰ হাত ছেনিটাইজ কৰি তাৰ পাছত স্মাৰ্ট কাৰ্ডৰ জড়িয়তে মচজিদত প্ৰৱেশ কৰিব পাৰিব।

Mosque
Mosque in Kerala starts smart card system to avoid crowding

By

Published : Jun 14, 2020, 8:01 PM IST

নিউজ ডেস্ক, ১৪ জুন :কোভিড-১৯ মহামাৰী প্ৰতিৰোধৰ বাবে কেৰালাৰ কোজিক'ডৰ কুট্টিচিৰা অঞ্চলৰ এটা মচজিদত গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। মচজিদত আল্লাৰ প্ৰাৰ্থনাৰ বাবে, বিশেষকৈ শুকুৰবৰীয়া নামাজত যাতে অধিক সংখ্যক লোকৰ সমাগম নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষই গ্ৰহণ কৰিছে স্মাৰ্ট কাৰ্ডৰ ব্যৱস্থা।

মচজিদলৈ অহা অঞ্চলটোৰ লোকসকলক এই কাৰ্ড প্ৰদান কৰিব মচজিদ কৰ্তৃপক্ষই। মচজিদলৈ অহা লোকসকলে প্ৰথমে নিজৰ হাত ছেনিটাইজ কৰি তাৰ পাছত স্মাৰ্ট কাৰ্ডৰ জড়িয়তে মচজিদত প্ৰৱেশ কৰিব পাৰিব। মচজিদ কমিটিৰ এজন সদস্যই প্ৰকাশ কৰে এই কথা।

কেৰালাত মচজিদ কৰ্তৃপক্ষই জনসমাৱেশ ৰোধৰ বাবে গ্ৰহণ কৰিছে স্মাৰ্ট-কাৰ্ডৰ ব্যৱস্থা

ইতিমধ্যে এই প্ৰক্ৰিয়াৰ বাবে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে মচজিদ কৰ্তৃপক্ষই। লগতে, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে মচজিদ চৌহদত অংকন কৰিছে চিহ্ন।

উল্লেখ্য যে, লক ডাউনৰ পাছত কেৰালা চৰকাৰে ৯ জুনৰ পৰা ৰাজ্যখনত ধৰ্মীয় স্থান, ম'ল, ৰেষ্টুৰেণ্ট আদি খোলাৰ বাবে অনুমতি প্ৰদান কৰিছিল। লগতে, কোভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সকলো সাৱধানতা মানি চলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছিল কেলাৰা চৰকাৰে।

ABOUT THE AUTHOR

...view details