নিউজ ডেস্ক,1 জুলাইঃ উত্তৰাখণ্ডৰ ঔলি অঞ্চলত শেহতীয়াকৈ সম্পন্ন হয় 200 কোটিটকীয়া এখন হেভী বাজেটৰ বিয়া ৷ 18 জুনৰ পৰা 22 জুনৰ ভিতৰত সম্পন্ন হ'ল বিয়াখনৰ সকলো অনুষ্ঠান কিন্তু 30 জুনলৈ পৰিষ্কাৰ নহ'ল বিবাহ সম্পন্ন হোৱা সেই বৃহৎ অঞ্চলটো ৷ ফলত পৌৰ নিগমে আগ-ভাগ লৈ পৰিষ্কাৰ কৰে সম্পূৰ্ণ ঔলি অঞ্চলৰ আৱৰ্জনাসমূহ ৷
300 কুইন্টল আৱৰ্জনা...আৰু এখন হাই প্ৰফাইল বিবাহ - etv bharat
20 জন কৰ্মচাৰীয়ে 13 জুনৰ পৰা চাফা কৰিবলৈ আৰম্ভ কৰা আৱৰ্জনা পৰিস্কাৰ হয়গৈ 30 জুনত
গুপ্তা পৰিয়ালৰ হাই প্ৰফাই বিবাহ অনুষ্ঠানে এৰি গ'ল 300 কুইন্টলতকৈ অধিক আৱৰ্জনা
উল্লেখ্য যে 20 জন কৰ্মচাৰী জৰিয়তে 13 জুনৰ পৰা চাফা কৰিবলৈ আৰম্ভ কৰা সমগ্ৰ অঞ্চলটো অৱশেষত 30 জুনত সম্পূৰ্ণ ৰূপে পৰিষ্কাৰ হয় ৷ লগতে এই কামত সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই গুপ্তা পৰিয়ালে ৷ পৌৰনিগমৰ কৰ্মচাৰী অনিল কুমাৰে জানিবলৈ দিয়া মতে, প্ৰথমে গুপ্তা পৰিয়ালে পৌৰনিগমক 300 কুইন্টল তকৈ অধিক আৱৰ্জনা চাফা কৰিবলৈ 54,000 টকা পৰিশোধ কৰিবলৈ মত দিয়ে যদিও পৰৱৰ্তী সময়ত সম্পূৰ্ণ অঞ্চলটো পৰিষ্কাৰ কৰাত সহায় আগবঢ়াব বুলি জানিবলৈ দিয়ে ৷