নিউজ ডেস্ক, 22 জুলাইঃঅমৰযাত্ৰাত অঘটন ৷ 24 জনলৈ বৃদ্ধি হ’ল অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা ৷ অমৰযাত্ৰাৰ আৰম্ভণিৰ পৰাই বৰ্তমানলৈকে অতি কমেও চৌব্বিশজন লোকে মৃত্যুক আঁকোৱালি লগা হৈছে ৷ ইটিভি ভাৰতৰ সাক্ষাৎকাৰত এই কথা প্ৰকাশ কৰিছে ইণ্ডো-তিব্বেতিয়ান পুলিচ ফৰ্চৰ সদস্য বিবেক পাণ্ডেয়ে ৷ তেওঁ কয় যে যাত্ৰীৰ সুবিধাৰ্থে বৰ্তমান 77 টা চিকিৎসকৰ দল নিয়োজিত কৰা হৈছে ৷ সকলো চিকিৎসকৰ দলতে পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সামগ্ৰী প্ৰদান কৰা হৈছে ৷ অক্সিজেন আদি সকলো ব্যৱস্থা দিয়া হৈছে দল কেইটাক ৷
অমৰনাথ যাত্ৰাত অঘটনঃ 24 জন তীৰ্থযাত্ৰীৰ মৃত্যুৰ - DIED
24 জনলৈ বৃদ্ধি হ’ল অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা ৷ 2 জুলাইৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ অন্ত পৰিব অহা 15 আগষ্টত ৷
24 জনলৈ বৃদ্ধি অমৰনাথ যাত্ৰালৈ যোৱা ভক্তৰ মৃত্যুৰ সংখ্যা
এইবাৰ অমৰনাথ যাত্ৰালৈ ভ্ৰমণ কৰিছে মুঠ 2 লাখ 50 হাজাৰ যাত্ৰীয়ে ৷ সকলো যাত্ৰীৰে নাম পঞ্জীয়ণ কৰাৰ সময়ত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যদিও যেতিয়া উচ্চতা লৈ যওৱা হয় লগে লগে পৰিস্থিতি সলনি হয় বুলি উল্লেখ কৰে বিবেক পাণ্ডেয়ে ৷ উল্লেখ্য যে, এই যাত্ৰাত স্বচ্ছ অভিযানৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হৈছে ৷