অসম

assam

কেৰালাৰ 200গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ৰণা ভাইৰাছ

By

Published : Feb 10, 2021, 12:42 PM IST

কেৰালাৰ প্ৰায় 200গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক'ৰণা ভাইৰাছৰ উপস্থিতি ৷ আটাইকেই গৰাকীয়ে অধ্যয়নৰ বাবে গৈছিল মাংগালুৰুলৈ ৷ ইতিমধ্যে স্বাৱ পৰীক্ষা কৰাৰ পাচত ছাত্ৰ-ছাত্ৰীসকলক চহৰ খনৰ আগশাৰীৰ চিকিৎসালয় নিমহান্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

কেৰালাৰ 200গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ৰণা ভাইৰাছ
কেৰালাৰ 200গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ক'ৰণা ভাইৰাছ

নেশ্যনেল ডেস্ক, 10 ফেব্ৰুৱাৰী:মাংগালুৰুলৈ অধ্যয়নৰ বাবে অহা কেৰালাৰ প্ৰায় 200গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে ক'ৰণা ভাইৰাছৰ উপস্থিতি ৷ সম্প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৱ পৰীক্ষা কৰাৰ পাচত চহৰ খনৰ আগশাৰীৰ চিকিৎসালয় নিমহান্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ শেহতীয়াকৈ ইংলেণ্ডৰ পৰা ভাৰতলৈ অহা বহু লোকৰ দেহতো ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল ৷

সম্প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক সাৱধানতামূলক ব্যৱস্থা হিচাপে চহৰ খনৰ আগশাৰীৰ চিকিৎসালয়ৰ নিমহান্স হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে সংক্ৰমিত ছাত্ৰ-ছাত্ৰীৰ সংস্পৰ্ষলৈ অহা লোক সকলৰো স্বাৱ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগে ৷ ইতিমধ্যে নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পঠোৱা হৈছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে ৷

লগতে পঢ়ক:'যুদ্ধ অভ্যাস'ত অংশ ল'বলৈ অহা আমেৰিকাৰ সৈন্য COVID-১৯ত আক্ৰান্ত

ABOUT THE AUTHOR

...view details