অসম

assam

ETV Bharat / bharat

জম্মু কাশ্মীৰ সন্দৰ্ভত শীঘ্ৰেই আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী - বিজেপি

জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যখনৰ আইন-শৃংখলা আৰু ৰাজনীতিৰ ওপৰত শীঘ্ৰেই আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ৷ ৰাজ্যখনৰ বিজেপি নেতাসকলৰ সৈতে আলোচনাত মিলিত হ'ব দুয়োগৰাকী নেতা ৷

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী

By

Published : Jul 29, 2019, 9:04 PM IST

নিউজ ডেস্ক,29 জুলাইঃ 2014 চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ পিচত পুনৰ জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷ শেহতীয়াকৈ ৰাষ্ট্ৰপতিৰ শাসন চলি থকা ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যখনৰ বিজেপি নেতাসকলৰ সৈতে শীঘ্ৰেই আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ৷

অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডীৰ এই বৈঠকে ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ চৰ্চা লাভ কৰিছে ৷ ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা অনুমতি লাভ কৰিলেই নিৰ্বাচনৰ দিন ঘোষণা কৰিব নিৰ্বাচন আয়োগে ৷ বৈঠকত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং,বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱ,জম্মু-কাশ্মীৰ বিজেপিৰ সভাপতি ৰবীন্দৰ ৰাইনা, বিজেপিৰ অধ্যক্ষ জয়প্ৰকাশ নাদ্দাকে ধৰি ৰাজ্যখনৰ শীৰ্ষ বিজেপি নেতাসকলে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details