অসম

assam

প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Oct 15, 2020, 4:53 PM IST

টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে এক ভিডিঅ' শ্বেয়াৰ কৰাৰ লগতে কয় যে,প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামক দেশে তেওঁৰ অৱদানক কেতিয়াও নাপাহৰে ৷

Modi pays tribute to former president Kalam
প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মোডীয়ে কয় যে,এজন বিজ্ঞানী আৰু ৰাষ্ট্ৰপতি হিচাপে দেশৰ বিকাশত কালামৰ অৱদান দেশে কেতিয়াও নাপাহৰে ৷

উল্লেখ্য যে, 2000-07 চনত কালামে দেশৰ 11 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সকলোৰে সন্মান আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল ৷

ইয়াৰোপৰি,ৰাষ্ট্ৰপতি ভৱন সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিয়াত তেওঁৰ অৰিহণা আছিল অসীম ৷ সেয়েহে তেওঁক সকলোৱে 'ৰাইজৰ ৰাষ্ট্ৰপতি' বুলি অভিহিত কৰিছিল ৷

ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ গ্ৰহণৰ পাচত তেওঁ দেশৰ বিভিন্ন অঞ্চলত আলোচনা সভাত ভাষণ প্ৰদান কৰি যুৱ প্ৰজন্মক উৎসাহিত কৰি আহিছিল ৷

তেওঁ 89 সংখ্যক জন্ম জয়ন্তীত মোডীয়ে টুইটাৰৰ জৰিয়তে লিখে,"কালামৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ৷ এজন বিজ্ঞানী আৰু ৰাষ্ট্ৰপতি হিচাপে দেশৰ বিকাশত কালামৰ অৱদান দেশে কেতিয়াও নাপাহৰে ৷ তেওঁৰ জীৱন পৰিক্ৰমাই মিলিয়ন লোকক সাহস প্ৰদান কৰে ৷"

উল্লেখ্য যে, 2015 চনত মৃত্যু হোৱা কালামৰ মিছাইলৰ বিকাশত অৱদানৰ বাবে 'ভাৰতৰ মিছাইল মেন' হিচাপে অভিহিত কৰা হয় ৷

লগতে পঢ়ক :IPLৰ ইতিহাসত দ্ৰুত বলাৰৰ খিতাপ দখল আনৰিছ নৰ্টজেৰ

ABOUT THE AUTHOR

...view details