অসম

assam

ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত মোডী চৰকাৰৰ যথেষ্ট গুৰুত্ব প্ৰদানঃ ড৹ জিতেন্দ্ৰ সিং

উত্তৰ-পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু আভ্যন্তৰীণ নৌ-পথ সেৱা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৷ ইপিনে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ বাবে জাপানে ঘাইপথ আৰু সেঁতু (ব্ৰীজ) নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰাৰ লগতে চাইট্ৰাছ ফুড পাৰ্কৰ প্ৰকল্প হাতত লৈছে ইজৰাইলে ৷

By

Published : Feb 8, 2020, 3:01 AM IST

উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত মোডী চৰকাৰ যথেষ্ট গুৰুত্ব প্ৰদানঃ ড৹ জিতেন্দ্ৰ সিং
উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত মোডী চৰকাৰৰ যথেষ্ট গুৰুত্ব প্ৰদানঃ ড৹ জিতেন্দ্ৰ সিং

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰীঃ শুকুৰবাৰে ভাৰতত আহি উপস্থিত হয় জৰ্গন হাৰ্ডটৰ নেতৃত্বত জাৰ্মানীৰ পৰা ছয়গৰাকী সংসদীয় প্ৰতিনিধিত্বৰ দল ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মী, জনগণৰ অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু স্থান সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চল ক্ষেত্ৰৰ উন্নয়ণ মন্ত্ৰী ড৹ জিতেন্দ্ৰ সিঙৰ সৈতে নতুন দিল্লীত মিলিত হয় ৷

জাৰ্মানীৰ ছয়গৰাকী সংসদীয় প্ৰতিনিধিত্বৰ দলৰ সৈতে বৈঠক

এই বৈঠকত সিঙে জাৰ্মানী প্ৰতিনিধিত্বৰ দলটোক কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰীক বিকাশ তথা আন্তঃগাথনিৰ বাবে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে ৷ লগতে কয়, দেশৰ ভিতৰত কেৱল 3.5 শতাংশ জনসংখ্যা আৰু 7 শতাংশ অঞ্চলৰ স্বতেও কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে 10 শতাংশ সম্পদ ধাৰ্য কৰিছে ৷ এয়াই উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত চৰকাৰখনৰ অত্যাধিক মনোনিৱেশৰ কথা সূচাইছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে বিগত দুটা বছৰত উত্তৰ-পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু আভ্যন্তৰীণ নৌ-পথ সেৱা বিকাশৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইয়াত পণ্য সামগ্ৰী সমূহ অতি সূলভ আৰু সহজে আমদানি বা ৰপ্তানি কৰিবলৈ বিশাল ব্ৰহ্মপুত্ৰৰ লগতে 20 টা আভ্যন্তৰীণ নৌ-পথৰ সুবিধা আছে ৷ ইপিনে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰক বৰ্তমান নতুন দিল্লীৰ সৈতে পোনে-পোনে ৰে’লপথ যোগে সংযোগ কৰা হৈছে বুলি জানিব দিয়াৰ লগতে অতি সোনকালেই ইটানগৰত বিমান বন্দৰ স্থাপনৰ কাম সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰে ৷

DoNER Minister Jitendra Singh

আনহাতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ ক্ষেত্ৰত জাপানে ঘাইপথ আৰু সেঁতু (ব্ৰীজ) নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰাৰ লগতে ইজৰাইলে চাইট্ৰাছ ফুড পাৰ্কৰ প্ৰকল্প হাতত লোৱাৰ কথা প্ৰকাশ কৰে ৷

ইপিনে, উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ণ ক্ষেত্ৰৰ (DoNER) সম্পাদক ইন্দৰ জিত সিঙে জনায় যে, ভাৰত আৰু জাৰ্মানী দুয়োখন দেশৰ মাজত জলবায়ু পৰিৱৰ্তনকলৈ এক দ্বি-পাক্ষিক সহযোগিতা কৰা হৈছিল যাৰ একমাত্ৰ পাইলট প্ৰজেক্ট সম্পন্ন হৈছে 2019 বৰ্ষৰ ডিচেম্বৰ মাহত ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে জাৰ্মানীৰ পৰা 2015 চনত এটা প্ৰতিনিধিত্বৰ দল ভাৰত ভ্ৰমণলৈ আহিছিল ৷

লগতে চাওক- শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details