নিউজ ডেস্ক, ৮ জুলাই :জম্বু-কাশ্মীৰৰ IPS বিষয়া বসন্ত ৰথক আৰক্ষীৰ সঞ্চালক প্ৰধান চমুকৈ DGP দিলবাগ সিঙক দু-ব্যৱহাৰ কৰাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ নিলম্বিত কৰিছে ।
বুধবাৰে গৃহমন্ত্ৰী গৰাকীয়ে এখন অধ্যাদেশ জাৰি কৰি জনায় যে, বিষয়া গৰাকীক অখিল ভাৰতীয় সেৱা ১৯৬৯ ৰ অধিনিয়ম অনুসৰি নিলম্বন কৰা হৈছে ।
২০০০ বৰ্ষৰ IPS বিষয়া ৰথক জম্বু-কাশ্মীৰত নিযুক্তি দিয়া হৈছিল । লগতে DGP অনুমতি অবিহনে উক্ত স্থানৰ আঁতৰি নাহিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।