অসম

assam

ETV Bharat / bharat

স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি - ৰাজ্য, জিলা আৰু পঞ্চায়ত পৰ্যায়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন বাধ্যতামূলক

স্বাধীনতা দিৱস উদযাপনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি ৷ জনসমাগম ৰোধ কৰিবলৈ নিৰ্দেশ মন্ত্ৰণালয়ৰ ৷

জনসমাগম ৰোধ কৰিবলৈ নিৰ্দেশ মন্ত্ৰণালয়ৰ
স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি

By

Published : Jul 24, 2020, 3:56 PM IST

নেশ্যনেল ডেস্ক, 24 জুলাই :কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শুকুৰবাৰে ক'ভিড-19 মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্ৰত কিছু নিৰ্দেশনাৱলী জাৰি কৰিছে ৷ এক প্ৰেছ বিজ্ঞপ্তিত মন্ত্ৰণালয়ে সকলো চৰকাৰী কাৰ্যালয়,ৰাজ্য,ৰাজ্যপালক স্বাধীনতা দিৱস উদযাপনৰ সময়ত জনসমাগম নোহোৱাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ নিৰ্দেশনাত কোৱা হয় যে,বৃহৎ জনসমাগম হ'বলৈ দিয়া অনুচিত আৰু সকলোৰে মাজত এই দিৱসৰ উদযাপন প্ৰচাৰ হ'বৰ বাবে অনলাইন মাধ্যমৰ সহায় লোৱা হ'ব ৷

স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি
স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি
স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি

নিৰ্দেশনা মতে,এইবাৰৰ স্বাধীনতা দিৱসৰ আয়োজনত থাকিব প্ৰধানমন্ত্ৰীৰ বক্তৃতা,ৰাষ্ট্ৰীয় পতাকাৰ উত্তোলন,21 টোপৰ চালাম আৰু ত্ৰিৰংগাৰ বেলুন প্ৰদৰ্শন ৷ গৃহ মন্ত্ৰণালয়ে লগতে জনাই যে,ৰাজ্য,জিলা আৰু পঞ্চায়ত পৰ্যায়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো বাধ্যতামূলক ৷

স্বাধীনতা দিৱসৰ বাবে গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা জাৰি

ক'ভিড-19ৰ বিৰুদ্ধে যুঁজি থকা চিকিৎসক,স্বাস্থ্যকৰ্মী,চাফাই কৰ্মীসকলক তেওঁলোকৰ অৱদানৰ বাবে মান্যতা প্ৰদান কৰিবৰ বাবে আমন্ত্ৰণ জনাবলৈ নিৰ্দেশাৱলীত পৰামৰ্শ দিয়া হৈছে ৷ লগতে কিছুসংখ্যক ক'ভিড-19 আৰোগ্য ৰোগীকো আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক :কৰ'ণা মুক্ত বিশ্বৰ প্ৰাৰ্থনাৰে ভাৰতৰ ভিন্ন তীৰ্থস্থানলৈ পদযাত্ৰা ৭০ বছৰীয়া বৃদ্ধৰ

ABOUT THE AUTHOR

...view details