অসম

assam

ETV Bharat / bharat

ৰাজস্থানৰ পঞ্চমুখী হনুমান মন্দিৰৰ পাহাৰত বিধ্বংসী অগ্নিকাণ্ড

জয়পুৰৰ সমোদস্থিত পঞ্চমুখী হনুমান মন্দিৰৰ পাহাৰত ভয়াৱহ অগ্নিকাণ্ড। ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কি:মি: পৰ্যন্ত আগুৰি ধৰে জুইৰ লেলিহান শিখাই। মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা।

By

Published : Oct 21, 2020, 4:36 PM IST

ৰাজস্থানৰ পঞ্চমুখী হনুমান মন্দিৰৰ পাহাৰত বিধ্বংসী অগ্নিকাণ্ড
ৰাজস্থানৰ পঞ্চমুখী হনুমান মন্দিৰৰ পাহাৰত বিধ্বংসী অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, ২১ অক্টোবৰ: ৰাজস্থানৰ জয়পুৰৰ পঞ্চমুখী হনুমান মন্দিৰৰ পাহাৰত মঙলবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে জুইৰ লেলিহান শিখাই আশে-পাশে থকা ৫ কি:মি: পৰ্যন্ত অঞ্চল আগুৰি ধৰে। জুই দেখাৰ পিছতে স্থানীয় লোকে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে আৰু নিজাববীয়াকৈও জুই নুমুওৱাৰ চেষ্টা কৰে। খবৰ পোৱাৰ পিছতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।

অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াই ই টি ভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, পাহাৰত এই ঘটনা সংঘটিত হোৱাৰ বাবে জুই নুমুওৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। পাহাৰৰ পৰা বহু দূৰত থাকি বাহনসমূহে জুই নুমুৱাবলগীয়া হৈছিল। এই ক্ষেত্ৰত গাঁওবাসীৰ সহযোগিতাৰ শলাগ লয় বিভাগীয় বিষয়াই। আনহাতে, পূৰ্বেও একে স্থানতে কেইবাবাৰো অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জনাইছে স্থানীয় ৰাইজে।

লগতে পঢ়ক:বিহাৰত লাইনচ্যুত ট্ৰেইন : ৰেলৱে'ৰ তদন্তৰ নিৰ্দেশ

ABOUT THE AUTHOR

...view details