নেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃ শনিবাৰে প্ৰশাসনে ধ্বংস কৰিলে কেৰালাৰ মাৰাডু অঞ্চলৰ দুটাকৈ অবৈধ আৱাসিক গৃহ ৷ 5 মিনিটৰ ব্যৱধানত এই দুটা এপাৰ্টমেন্ট ধ্বংস কৰা হয় ৷ বিস্ফোৰক সামগ্ৰী ব্যৱহাৰ কৰি 90 টাকৈ ফ্লেটযুক্ত 19 মহলীয়া H2O হলী ফেইথ এপাৰ্টমেন্ট কমপ্লেক্স আৰু আলফা ছিৰিন কমপ্লেক্স ক্ৰমে পুৱা 11 আৰু 11.05 বজাত উৎখাত কৰা হয় ৷
উপকূলীয় অধিনিয়ম ক্ষেত্ৰ (Coastal Regulation Zone) নিয়ম ভংগৰ অপৰাধত এপাৰ্টমেন্ট দুটা ধংস কৰা হয় ৷ যোৱা বছৰেই উচ্চতম ন্যায়ালয়ে এপাৰ্টমেন্ট দুটা ধংস কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ ইয়াৰোপৰি, প্ৰতিটো ফ্লেটৰ গৰাকীক অন্তৱৰ্তীকালীন ক্ষতিপূৰণ দিবলৈও ন্যায়ালয়ে ৰাজ্য চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছিল ৷