নেশ্যনেল ডেস্ক, 7 জুন : চেন্নাইত শ্ৰমিক হিচাপে কাম কৰা উড়িশাৰ এজন লোকে নিজ ৰাজ্যলৈ উভতি আহি দুদিন ধৰি জংঘলত বাস কৰিব লগা হ'ল ৷ উড়িশাৰ গঞ্জাম জিলাত উপস্থিত হোৱাৰ পাচত লোকজনক কোৱাৰান্টাইন চেন্টাৰ আৰু নিজ গাঁৱত প্ৰৱেশত বাধা আৰোপ কৰা হয় ৷
দুদিন জংঘলত কটালে উড়িশাৰ নিঃসহায় ব্যক্তিয়ে - গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হয় নায়কক
ট্ৰেইনেৰে বালাচোৰত উপস্থিত হোৱাৰ পাচত বাৰিক নায়ক নামৰ লোকজন বাছেৰে ভঞ্জানগৰত উপস্থিত হৈছিল ৷ গাঁৱত উপস্থিত হোৱাৰ পাচতে তেওঁক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হয় ৷
জংঘলত বাস কৰিলে উড়িশাৰ নিঃসহায় ব্যক্তিয়ে
ট্ৰেইনেৰে বালাচোৰত উপস্থিত হোৱাৰ পাচত বাৰিক নায়ক নামৰ লোকজন বাছেৰে ভঞ্জানগৰত উপস্থিত হৈছিল ৷ গাঁৱত উপস্থিত হোৱাৰ পাচতে তেওঁক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হয় ৷
নায়কৰ মতে, কোনো কোৱাৰান্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰিবৰ বাবে গাঁৱৰ গাঁওবুঢ়া আৰু স্থানীয় প্ৰশাসনে সহায় নকৰাত তেওঁ দুদিন ধৰি জংঘলত বাস কৰিব লগা হয় ৷ পাচত আৰক্ষীয়ে তেওঁক ছানাকোদান্দাৰ কোৱাৰান্টাইন চেন্টাৰলৈ প্ৰেৰণ কৰে ৷