নেশ্যনেল ডেস্ক,৫ছেপ্টেম্বৰ: এফালে কৰ'ণা মহামাৰীৰ ভয়াৱহতা, আনফালে লকডাউন । কেইবামাহো ধৰি লক্ডাউন অব্যাহত থকাত তলা উলমিছে দেশৰ বহু উদ্যোগত। লকডাউনে উদ্যোগৰ স্বত্বাধিকাৰীৰ ওপৰত মাধমাৰ সোধোৱাৰ লগতে লাখ লাখ শ্ৰমিকৰ উপাৰ্জনৰ পথো ৰুদ্ধ কৰে ।
কৰ্মসংস্থাপন হেৰুৱাই এমুঠি ভাতৰ বাবে হাহাকাৰ ফেক্টৰীৰ কৰ্মচাৰীৰ - COVID-19ৰ
COVID-19ৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে ধাৰাবাহিকভাৱে লকডাউন অব্যাহত থকাত বন্ধ হৈ পৰিছে বহু উদ্যোগ। কৰ্মসংস্থাপন হেৰুৱাই দিক-বিদিক হেৰুৱাইছে উদ্যোগত কৰ্মৰত শ্ৰমিকে। পেটৰ তাড়নাত শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰিছে হাৰিয়ানাৰ ৰিংকু নামৰ এগৰাকী ব্যক্তিয়ে।
এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে কৰ্মসংস্থাপন হেৰুওৱা এই সকল দৰিদ্ৰ শ্ৰমিকে । কেৱল শ্ৰমিকেই নহয়, উদ্যোগৰ বিভিন্ন উচ্চ পদবীত কৰ্মৰত কৰ্মচাৰীৰো এতিয়া পানীত হাঁহ নচৰা অৱস্থা । এনে সংকটৰ সময়ৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছে একাংশই । পূৰ্বে ৰোহতকৰ এটা ব্যক্তিগত কোম্পানীত প্লাণ্ট হেড হিচাপে কৰ্মৰত হাৰিয়ানাৰ ৰিংকু নামৰ এগৰাকী ব্যক্তিয়ে শাক-পাচলি বিক্ৰীকে জীৱিকা অৰ্জনৰ পথ হিচাপে বাচি লৈছে । পথৰ কাষত পাচলি বিক্ৰী কৰি দুবেলা দমুঠি খাদ্যৰ যোগাৰ কৰিছে ৰিংকুৱে । পৰিয়ালৰ ভৰণ-পোষণৰ বাবে এই পথ বাচি ল'বলগীয়া হৈছে বুলি মন্তব্য কৰিছে ৰিংকুৱে । চাকৰি হেৰুওৱাৰ পিছত হতাশ নহৈ ৰিংকুৱে ন-উদ্যমেৰে পুনৰ জীৱিকা অৰ্জনৰ নতুন পথ বাচি লৈছে । উল্লেখ্য যে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান হাৰিয়ানাত ১৩,৪৭০ জন কৰ'ণা আক্ৰান্ত ৰোগী আছে । আনহাতে COVID-19ত আক্ৰান্ত হৈ ৭৪০জন লোক মৃত্যুমুখত পৰিছে।