নিউজ ডেস্ক,1 এপ্ৰিলঃকৰ'ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ মাজতে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কে সতৰ্ক কৰি দিছে । বিশ্বজুৰি আক্ৰান্ত লোকৰ সংখ্যা অধিক হাৰত বৃদ্ধি পোৱাত চিকিৎসাৰ সুবিধা আৰু স্বাস্থ্য কৰ্মীৰ চাহিদা দহ গুণেই বৃদ্ধি পাইছে । যাৰ ফলত চিকিৎসা ব্যৱস্থাৰ ওপৰত অত্যধিক বোজা পৰিছে আৰু ফলপ্ৰসূভাৱে কাম কৰিব নোৱৰা অৱস্থাৰ সন্মুখীন হ’ব পৰাৰ এক আশংকাই দেখা দিছে ।
"আমি যদি ইতিহাসলৈ উভতি চাওঁ দেখা পাম যে পূৰ্বৰ মহামাৰীবোৰৰ সময়ত যেতিয়া চিকিৎসা ব্যৱস্থাৰ ওপৰত অধিক বোজা পৰিছিল, তেতিয়া প্ৰতিষেধক থকা বা চিকিৎসা কৰিব পৰা ৰোগত মৃত্যুৰ সংখ্যা অধিকভাৱে বৃদ্ধি পাইছিল । ক’ভিড-১৯ মহামাৰী বিশ্বৰ সকলো প্ৰান্তৰ স্বাস্থ্য সেৱাৰ সক্ষমতাৰ পৰীক্ষা লৈ আছে । বিশ্ব স্বাস্থ্য সংস্থাই উল্লেখ কৰামতে ২০১৪-১৫ চনৰ ইবোলা ভাইৰাছৰ সংক্ৰমণৰ সময়ত স্বাস্থ্য সেৱাৰ বিফলতাৰ বাবে ৰুবেলা, মেলেৰিয়া, এইচ আই ভি এইডছ, টিউবাৰকুল’ছিছ আদি ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ইবোলাকো চেৰ পেলায় ।
"যিকোনো সংক্ৰমণৰ সৰ্বোৎকৃষ্ট প্ৰতিৰোধ হৈছে শক্তিশালী স্বাস্থ্য সেৱাৰ ব্যৱস্থা," বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ আডানন গেব্ৰিছাছে এনেদৰে মত প্ৰকাশ কৰে ।
তেওঁ লগতে কয়—"বিশ্বৰ বহু স্বাস্থ্য সেৱা ব্যৱস্থা কিমান দুৰ্বল সেয়া ক’ভিড-১৯ এ উন্মোচন কৰিছে । দেশসমূহে তেওঁলোকৰ নাগৰিকসকলৰ প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰিব তাক লৈ বিবুধিত পৰিছে ।"
এই প্ৰত্যাহ্বানৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ ক্ষেত্ৰত আন দেশসমূহক সহায় কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিড-১৯ আৰু প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ তথা যাতে ব্যৱস্থাটো সংকটাপন্ন নহয় তাৰ বাবে নিৰ্দেশাৱলী দিছে । বিশ্ব স্বাস্থ্য সংস্থাই দেশসমূহক অত্যাৱশ্যকীয় সেৱাসমূহ চিনাক্ত কৰিবলৈ কৈছে যাতে সেই সেৱাসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত প্ৰাধান্য লাভ কৰে । উদাহৰণস্বৰূপে, কিছুমান অত্যাৱশ্যকীয় সেৱাৰ ভিতৰত পৰে নিয়মীয়া টীকাকৰণ, প্ৰজননকেন্দ্ৰিক স্বাস্থ্য সেৱা, গৰ্ভাৱস্থা আৰু সন্তান জন্মৰ সময়ৰ যত্ন, শিশু বা আন প্ৰাপ্তবয়স্কসকলৰ যত্ন, মানসিক স্বাস্থ্যৰ অৱস্থাৰ পৰিচালনা, সংক্ৰমণ নোহোৱা বেমাৰৰ লগতে সংক্ৰমণ হ’ব পৰা ৰোগ যেনে এইচ আই ভি, মেলেৰিয়া আৰু যক্ষ্মা । বিশ্ব স্বাস্থ্য সংস্থাই লগতে দেশসমূহক অধিক প্ৰতিৰোধ ব্যৱস্থা, চাফ-চিকুণতা আৰু ব্যক্তিগত সুৰক্ষা সঁজুলিৰ যোগান নিশ্চিত কৰাৰ বাবে পৰামৰ্শ দিছে । সন্মুখৰ পৰা কাম কৰা কৰ্মীসকলৰ নিৰাপ্তাৰ যত্ন ল’বই লাগিব । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে স্বাস্থ্য খণ্ডটো সংগঠিত হ’ব লাগে আৰু ভালদৰে প্ৰস্তুত হ’ব লাগে । ইয়াৰ জৰিয়তে জৰুৰীকালীন অৱস্থাৰ মাজত সমভাৱে অত্যাৱশ্যকীয় সেৱাৰ সুবিধা সকলোকে প্ৰদান কৰি প্ৰত্যক্ষ মৃত্যুৰ হাৰ সীমিত কৰাৰ লগতে পৰোক্ষ মৃত্যুৰ হাৰৰ পৰা হাত সাৰিব পাৰোঁ । ব্যৱস্থাটোৰ ওপৰত যে ৰাইজৰ আস্থা গুৰুত্বপূৰ্ণ সেই বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই গুৰুত্ব দিছে । মানুহবোৰ খবৰ সমৃদ্ধ হ’ব লাগে, ৰাইজৰ সৈতে স্বচ্ছ যোগাযোগ ব্যৱস্থা আৰু ৰাইজৰ অংশগ্ৰহণ অতিকৈ আৱশ্যক ।
লগতে পঢ়কঃএম জি এনৰেগা শ্ৰমিকলৈ 21 দিনৰ আগতীয়া বেতন প্ৰদানৰ আহ্বান ছোনিয়া গান্ধীৰ