নিউজ ডেস্ক, 30 মে': শুকুৰবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ঠিকাভিত্তিকভাবে চুক্তিবদ্ধ হৈ থকা চিকিৎসক সকলৰ মাননি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই বৃদ্ধিয়ে ডাক্তৰ সকলৰ সমস্যা সমাধানত সহায় কৰাৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিব ৷
ঠিকাভিত্তিক চিকিৎসকৰ মাননি বৃদ্ধিৰ কথা ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ - মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ঘোষণা কৰা অনুসৰি ঠিকাভিত্তিক চুক্তিৰ জৰিয়তে সেৱা আগবঢ়াই থকা চিকিৎসক সকলৰ মাননি বৃদ্ধি কৰা হ'ব ।
চুক্তিত সেৱাৰত চিকিৎসকৰ মাননি বৃদ্ধিৰ কথা ঘোষণা মহাৰাষ্টৰ মুখ্যমন্ত্ৰীৰ
জনগোষ্ঠীয় অঞ্চলত সেৱাত নিয়োজিত চিকিৎসকে 60,000 টকাৰ বিপৰীতে 75,000 টকাকৈ লাভ কৰিব । আনহাতে, বিশেষজ্ঞ চিকিৎসকে পূৰ্ৱৰ 70,000 টকাৰ তুলনাত লাভ কৰিব 85,000 টকা ।
আনহাতে, অন্য অঞ্চলত থকা MBBS ডাক্তৰ সকলে 70,000 টকা লাভ কৰিব 55,000 টকাৰ তুলনাত আৰু বিশেষজ্ঞ চিকিৎসকে 65,000 টকাৰ ঠাইত 80,000 টকাকৈ মাননি লাভ কৰিব ।