অসম

assam

ETV Bharat / bharat

দেশৰ সুদীৰ্ঘ সময়ৰ কৰদাতাৰ ৰূপত মধ্য প্ৰদেশৰ এগৰাকী ১১৭ বছৰীয়া আইতা - সম্বৰ্ধনা

মধ্য প্ৰদেশ আৰু চত্তিশগড়ৰ আয়কৰ বিভাগত দীৰ্ঘ সময় ধৰি নিয়মিত ভাৱে কৰ আদায় কৰি অহা ১১৭ বছৰত ভৰি দিয়া এগৰাকী আইতাক কৰ বিভাগে কৰিলে সন্মানিত । মধ্য প্ৰদেশৰ সাগৰ জিলাৰ বীনা চহৰৰ নিবাসী গিৰিজা বাই তিৱাৰী নামৰ ১১৭ বছৰীয়া এই আইতা গৰাকী হৈছে দেশত বৰ্তমানলৈকে দীৰ্ঘ সময় ধৰি কৰ আদায় দিয়া প্ৰথম গৰাকী কৰদাতা ।

Madhya Pradesh's centenarian woman becomes oldest taxpayer
দেশৰ সুদীৰ্ঘ সময়ৰ কৰদাতাৰ ৰূপত মধ্য প্ৰদেশৰ এগৰাকী ১১৭ বছৰীয়া আইতা

By

Published : Jul 30, 2020, 4:48 PM IST

নিউজ ডেস্ক,৩০জুলাই:মধ্য প্ৰদেশৰ সাগৰ জিলাৰ গিৰিজা বাই তিৱাৰী নামৰ ১১৭ বছৰীয়া আইতা গৰাকীক আয়কৰ বিভাগে দেশৰ সকলোতকৈ পুৰণি কৰদাতা হিচাপে চিহ্নিত কৰাৰ লগতে কৰিলে সন্মানীত ।

বৰ্তমান দেশৰ সকলোতকৈ অধিক সময় ধৰি কৰ আদায় দিয়া এই আইতা গৰাকী মধ্য প্ৰদেশৰ সাগৰ জিলাৰ বীনা চহৰৰ নিবাসী গিৰিজা বাই তিৱাৰী বুলি চিনাক্ত কৰা হৈছে ।

এক সূত্ৰৰ পৰা পোৱা তথ্য মতে,আইতাগৰাকীৰ জন্মৰ তাৰিখ তেখেতৰ পেন কাৰ্ডত ১৫ এপ্ৰিল,১৯০৩ বুলি উল্লেখ আছে । আইতাগৰাকীৰ স্বামী স্বৰ্গীয় সিদ্ধনাথ তিৱাৰী আছিল এগৰাকী স্বাধীনতা সংগ্ৰামী । বৰ্তমান আইতা গৰাকীয়ে ৰাজ্য চৰকাৰৰ পৰা পাই আছে পেঞ্চন ।

পৰিয়ালৰ সদস্যই জানিবলৈ দিয়া মতে,আয়কৰ বিভাগে আইতাগৰাকীৰ নাম গিনীজ বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবৰ বাবে চলাইছে প্ৰচেষ্টা । আইতা গৰাকীৰ আজু নাতি অঞ্জলী তিৱাৰীৰে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত জনালে, 'দশক দশক ধৰি চৰকাৰক কৰ আদায় দি অহা মোৰ আইতাই চৰকাৰক কৰ দিবলৈ কেতিয়াও সংকোচ কৰা নায় । আইতা আমাৰ বাবে এটা উদাহৰণ যে আমিও নিয়মিত ৰূপত কৰ আদায় দিয়া উচিত । বহু লোকে চৰকাৰক কৰ আদায় দিয়াৰ পৰা আঁতৰি থাকে । তেওঁলোকে আমাৰ আইতাৰ পৰা ল'ব পাৰে অনুপ্ৰেৰণা ।'

কৰ বিভাগৰ ১৬০ সংখ্যক কৰ দিৱসৰ লগত সংগতি ৰাখি ২৭ জুলাইত আয়োজিত এক অনুষ্ঠানত গিৰিজা বাই তিৱাৰী নামৰ ১১৭ বছৰীয়া এই আইতা গৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে দেশৰ সুদীৰ্ঘ সময়ৰ কৰদাতা হিচাবে অভিহিত কৰিলে । একেটা অনুষ্ঠানতে মধ্য প্ৰদেশ আৰু চত্তিশগড়ৰ চাৰি গৰাকী শতবৰ্ষ গৰকা ব্যক্তিকো জনালে সম্বৰ্ধনা ।

লগতে চাওকঃ বৰপেটাত পূৰবী ডেইৰীৰ উদ্যোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ

ABOUT THE AUTHOR

...view details