অসম

assam

ETV Bharat / bharat

সংবিধানৰ 126সংখ্যক সংশোধনী বিধেয়কত অনুমোদন মধ্যপ্ৰদেশৰ - সংবিধানৰ 126 সংখ্যক সংশোধনী বিধেয়ক

সংবিধানৰ 126 সংখ্যক সংশোধনী বিধেয়কত অনুমোদন জনাইছে মধ্য প্ৰদেশৰ বিধানসভাই ৷ এই সংশোধনী বিধেয়ক অনুসৰি, আগন্তুক 10 বৰ্ষৰ বাবে অনুসূচিত জনজাতি আৰু অনুসূচিত জনজাতিৰ সংৰক্ষণ ব্যৱস্থা বৃদ্ধি কৰিব ৷ ইতিমধ্যে মধ্যপ্ৰদেশ বিধানসভাই বিধেয়কখন অনুমোদন জনাই এক প্ৰস্তাৱনা গ্ৰহণ কৰিছে ৷ বিধানসভাই প্ৰস্তাৱনাটোত এংলো ইণ্ডিয়ানসকলক মনোনীত কৰিবলৈ আহ্বান জনাইছে ৷

Madhya Pradesh ratifies 126th Amendment Bill
সংবিধানৰ 126সংখ্যক সংশোধনী বিধেয়কত অনুমোদন মধ্যপ্ৰদেশৰ

By

Published : Jan 18, 2020, 1:37 PM IST

নেশ্বনেল ডেস্ক, 18 জানুৱাৰীঃ সংবিধানৰ 126 সংখ্যক সংশোধনী বিধেয়কত সৰ্বসন্মতিক্ৰমে অনুমোদন জনাইছে মধ্যপ্ৰদেশ বিধানসভাই ৷ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে থকা সংৰক্ষণ ব্যৱস্থা 10 বছৰলৈ বৃদ্ধি কৰিবলৈ গ্ৰহণ কৰা সংশোধনী বিধেয়কখন সন্দৰ্ভত মধ্যপ্ৰদেশ বিধানসভাই অনুমোদন জনাই এক প্ৰস্তাৱনা গ্ৰহণ কৰে ৷ প্ৰস্তাৱনাটোত এই সংশোধনী বিধেয়কত এংলো ইণ্ডিয়ানসকলকো অন্তৰ্ভুক্ত কৰিবলৈ বিধানসভাই আহ্বান জনায় ৷

অৱশ্যে বিৰোধীয়ে এই প্ৰস্তাৱনাক অগ্ৰাহ্য কৰে যদিও সংসদীয় পৰিক্ৰমা মন্ত্ৰী গোবিন্দ সিঙে এই সপক্ষে যুক্তি দৰ্শাই এংলো ইণ্ডিয়ানসকল পিছপৰা শ্ৰেণীৰ অন্তৰ্গত বুলি উল্লেখ কৰে ৷ ৰাজ্যখনৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ সীতাচৰণ শৰ্মাই এই সন্দৰ্ভত মধ্যপ্ৰদেশ চৰকাৰৰ স্থিতি অস্পষ্ট বুলি কৈ এনেকুৱা নিৰ্দেশনা সংবিধান সংশোধনীত অন্তৰ্ভূক্ত কৰা নহয় বুলি জনায় ৷ স্বাধীনতাৰ 70 বছৰ পিচটো সংৰক্ষণ ব্যৱস্থা এইদৰে বঢ়াই থকাটো কোনো যুক্তিপূৰ্ণ কথা নহয় ৷ যিটো সময়ত জাপানে 35 বছৰত যি উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে তেনে সময়ত আমি এতিয়াও অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিক লৈয়ে ব্যস্ত হৈ আছো ৷ এয়া আমাৰ ছিষ্টেমৰে দোষ বুলি উল্লেখ কৰে সিঙে ৷

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কমল নাথে এই বিষয়ে উল্লেখ কৰি কয় যে, সংসদৰ দুয়োখন সদনৰ অনুমতিসাপেক্ষে বিধেয়কখনত অনুমতি প্ৰদান কৰা হৈছে ৷ সংবিধানৰ প্ৰনেতাসকলে সংৰক্ষণ ব্যৱস্থাৰ বাবে 10 বছৰ ধাৰ্য কৰিছিল আৰু এই সময়ৰ ভিতৰতে সমস্যাৰ সমাধান হ'ব বুলি ভাবিছিল যদিও বিগত 70 বছৰে এই ব্যৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে ৷

ABOUT THE AUTHOR

...view details