নেশ্যনেল ডেস্ক, 15 জুলাই : কেৰালাৰ শুল্ক বিভাগে এটি কূটনৈতিক চেনেলৰ মাধ্যমেৰে সোণৰ অবৈধ সৰবৰাহ সন্দৰ্ভত কেৰালাৰ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন মুখ্য সচিব এম শিৱশংকৰক 9 ঘণ্টা সময় ধৰি সোধ-পোচ কৰে ৷ মংগলবাৰে নিশা 2.30 বজাত শিৱশংকৰে শুল্ক বিভাগৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে ৷
উল্লেখ্য যে, সোণৰ অবৈধ সৰবৰাহ সন্দৰ্ভত শিৱশংকৰ শুল্ক আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (NIA)ৰ প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় ৷ ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এগৰাকী জ্যেষ্ঠ আই এ এছ বিষয়াক এনেদৰে দীৰ্ঘসময়ৰ বাবে সোধ-পোচ কৰা হৈছে ৷
শিৱশংকৰক তিৰুৱন্তপুৰমৰ শুল্ক কাৰ্যালয়ৰ শুল্ক কৰ্মকৰ্তাই সোধ-পোচৰ বাবে জাননী প্ৰেৰণ কৰে ৷ শুল্ক কৰ্মকৰ্তাই এই বিষয়ে কঠোৰ সিদ্ধান্ত হাতত লৈছিল, যদিও জানিবলৈ পোৱা মতে, প্ৰশাসনিক বিষয়া শিৱশংকৰে চৰিথ পিএছ আৰু স্বপ্ন সুৰেশৰ সৈতে সোণ সৰবৰাহ সন্দৰ্ভত আলোচনা কৰিছিল ৷ তেওঁলোকক চোৰাং সোণ সৰবৰাহ সন্দৰ্ভত বিভাগৰ প্ৰথম আৰু দ্বিতীয় অপৰাধী হিচাপে চিনাক্ত কৰা হৈছে ৷ বৰ্তমান তেওঁলোক NIAৰ জিম্মাত আছে ৷