অসম

assam

ETV Bharat / bharat

লক ডাউনঃ 1.05 কোটি লোকৰ কাষ চাপিছে গাডকাৰী

পথ পৰিবহন আৰু এম এচ এম ই মন্ত্ৰীৰ কাৰ্যালয়ে প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে বিভিন্ন ক্ষেত্ৰৰ 1.05 কোটি লোকৰ সৈতে ভিডিঅ' কল যোগে কাষ চাপিছে ।

By

Published : Apr 27, 2020, 4:01 PM IST

লক ডাউনঃ 1.05 কোটি লোকৰ কাষ চাপিছে গাডকাৰী
লক ডাউনঃ 1.05 কোটি লোকৰ কাষ চাপিছে গাডকাৰী

নিউজ ডেস্ক, 27 এপ্ৰিলঃ কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে 1.05 কোটি লোকৰ সৈতে ভিডিঅ' কল অথবা আন অনলাইন মাধ্যম যোগে সংযোগ স্থাপন কৰি মত বিনিময় কৰিছে । লক ডাউনৰ সময়চোৱাত ভিন্ন ক্ষেত্ৰত জৰিত লোকসকলৰ সৈতে মত বিনিময় কৰাৰ কথা প্ৰকাশ কৰিছে তেওঁৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে এই তথ্য ।

এই মত বিনিময়ৰ জৰিয়তে মন্ত্ৰী গৰাকীয়ে বিভিন্ন উপায় আৰু পৰামৰ্শৰে লোকসকলৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰে। এই লোকসকলৰ ভিতৰত ছাত্ৰ, সাংবাদিক,ব্যৱসায়ী আদিৰ দৰে ভিন্ন ক্ষেত্ৰৰ লোকসকল আছে । লোকসকলে পত্যক্ষ বা পৰোক্ষ ভাৱে ভিডিঅ' লিংকৰ জৰিয়তে মন্ত্ৰীগৰাকীৰ সৈতে সংযোগ স্থাপন কৰে।

ইয়াৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিভিন্ন বিনিজ্যিক সংস্থা সমূহৰ লগতো ফেচবুক,টুইটাৰ,ইউ টিউব,সংবাদ মাধ্যম আদিৰ জৰিয়তে সংযোগ স্থাপন কৰিছে । তেওঁ সংস্থা সমূহক বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই ।

লগতে পঢ়কঃ বিশ্বত COVID-19ৰ শেহতীয়া খবৰ

ABOUT THE AUTHOR

...view details