অসম

assam

লক ডাউন : নিৰ্ধাৰিত সূচী অনুসৰি মুকলি কৰা হ’ব চাৰধাম যাত্ৰা

By

Published : Apr 15, 2020, 3:08 PM IST

Updated : Apr 15, 2020, 5:39 PM IST

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত গাড়োৱালৰ উপায়ুক্ত ৰবিনাথ ৰমনে উল্লেখ কৰে যে,চাৰধাম যাত্ৰা নিৰ্ধাৰিত সূচীমতেই অনুষ্ঠিত হ’ব যদিও ভক্তসকলে এই যাত্ৰাত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

নিৰ্ধাৰিত সূচী অনুসৰি মুকলি কৰা হ’ব চাৰধাম যাত্ৰা
নিৰ্ধাৰিত সূচী অনুসৰি মুকলি কৰা হ’ব চাৰধাম যাত্ৰা

নিউজ ডেস্ক, 15 এপ্ৰিলঃ দেশব্যাপী বৃদ্ধি কৰা লক ডাউনে উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰাটো প্ৰভাৱ পেলাইছে ৷ আহিবলগীয়া এই চাৰধাম যাত্ৰাক লৈ গাড়োৱাল জিলাৰ উপায়ুক্ত ৰবিনাথ ৰমনে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা অনুসৰি,পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি যাত্ৰা আৰম্ভ হ’ব যদিও ভক্তৰ অংশগ্ৰহণত কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কোনো নিৰ্দেশনা জাৰী নকৰাৰ বাবে এই যাত্ৰাত ভক্তসকলে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

চাৰধাম যাত্ৰাঃ ইটিভি ভাৰতৰ সৈতে গাড়োৱালৰ উপায়ুক্ত ৰবিনাথ ৰমন

অৱশ্যে ভক্তসকলে পৰোক্ষভাৱে ছ'চিয়েল মিডিয়াৰ যোগেদি অনলাইনভাৱে এই যাত্ৰা উপভোগ কৰিব পাৰিব বুলি জনাইছে জিলা উপায়ুক্তগৰাকীয়ে ৷ এইক্ষেত্ৰত উত্তৰাখণ্ড চৰকাৰে ইতিমধ্যে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাত্ৰাৰ ৰাতিপুৱা আৰু আবেলিৰ আৰতি আৰু ধৰ্মীয় নীতি নিয়ম সমূহ অনলাইনযোগে প্ৰচাৰ কৰা হ’ব ৷ আনহাতে ধৰ্মগুৰু তথা পুৰোহিতসকলৰ উপস্থিতিৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এইযাত্ৰাত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণৰ বাবে অনলাইনযোগে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়কঃদেশবাসীলৈ সাতটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ !

26 এপ্ৰিল অৰ্থাৎ অক্ষয়া তৃতীয়াৰ পৰা আৰম্ভ হ’বলগীয়া এই চাৰধাম যাত্ৰাত,গংগোত্ৰী আৰু যমুনাত্ৰীৰ দুৱাৰ মুকলি কৰা হয় ৷ অৱশ্যে লকডাউনৰ বাবে দুৱাৰসমূহ খোলাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে চৰকাৰ ৷ যদিও যাত্ৰাৰ বাবে মন্দিৰৰ দুৱাৰসমূহ খোলা থাকিব কিন্তু,দৰ্শনাৰ্থীসকলে ভগৱানৰ দৰ্শন তথা পূজা কিদৰে কৰিব তাক লৈ কোনো নিশ্চিতি প্ৰদান কৰা হোৱা নাই ৷ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে গংগোত্ৰী আৰু যমুনাত্ৰী 26 এপ্ৰিলত খোলা হ’ব, কেদাৰনাথ 29 এপ্ৰিলত আৰু বদ্ৰী বিশাল 30 এপ্ৰিলত ৷

গংগোত্ৰী আৰু যমুনাত্ৰীৰ দুৱাৰ চেমৱাল আৰু উন্নীয়াল জনগোষ্ঠীৰ দ্বাৰা খোলা হয়,যিয়ে ধৰ্মগ্ৰন্থত উল্লেখ থকাধৰণে ইয়াত পূজা আগবঢ়ায় ৷ অৱশ্যে কেদাৰনাথ আৰু বদ্ৰী বিশালৰ বাবে এই নীতি কিছু সুকীয়া ৷ ইয়াৰ দুৱাৰ কৰ্ণাটক লিংগায়ত ধৰ্মগুৰুৰ দ্বাৰা মুকলি কৰা হয় ৷

যিহেতু কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লকডাউন 3 মে’লৈকে বৃদ্ধি কৰিছে, সেয়েহে এইবাৰৰ চাৰধাম যাত্ৰাক লৈ এতিয়া এইদৰে অনিশ্চয়তাৰ সৃষ্টি হোৱা দেখা গৈছে ৷

লগতে পঢ়কঃকেৰালা আৰক্ষীয়ে দুৰ্গম অঞ্চলত গৈ বিলাইছে অত্যাৱশ্যকীয় সামগ্ৰী

Last Updated : Apr 15, 2020, 5:39 PM IST

ABOUT THE AUTHOR

...view details