নিউজ ডেস্ক,11নৱেম্বৰঃ ক’ভিড অতিমাৰীৰ বাবে সাত মাহতকৈ অধিক সময়ৰ বিৰতিৰ অন্তত পূৱ ৰেলৱে(ER) আৰু দক্ষিণ পূৱ ৰেলৱে(SER)ৰ হাওৰা, শিয়ালদাহ আৰু খৰগপুৰ ডিভিজনত আজিৰ পৰা 696খন স্থানীয় ৰেল সেৱা আৰম্ভ হ’ব ৷
দীৰ্ঘ বিৰতিৰ অন্তত পশ্চিম বংগত আজিৰে পৰা আৰম্ভ স্থানীয় ৰেল সেৱা - হাওৰা, শিয়ালদাহ আৰু খৰগপুৰ ডিভিজন
ক’ভিড অতিমাৰীৰ বাবে সাত মাহতকৈ অধিক সময়ৰ বাবে বন্ধ হৈ আছিল পশ্চিম বংগৰ স্থানীয় ৰেল সেৱা ৷ অৱশেষত দীৰ্ঘ বিৰতিৰ অন্তত ৰাজ্যখনত আজিৰ পৰা পুনৰ আৰম্ভ হ’ব স্থানীয় ৰেল সেৱা ৷
দীৰ্ঘ বিৰতিৰ অন্তত পশ্চিম বংগত আজিৰ পৰা স্থানীয় ৰেল সেৱা আৰম্ভ
ডবাসমূহৰ চেনিটাইজেশ্যনৰ উপৰিও যাত্ৰীৰ আসনসমূহৰ দুখন আসনৰ মাজত এখনকৈ আসন খালী ৰখাৰ ব্যৱস্থা কৰিব ৰেল বিভাগে য’ত ৰঙা ক্ৰচ চিনেৰে মাৰ্ক কৰা হ’ব ৷ যিসমূহ ডবাত অধিক আসন থাকিব তাতো ক্ৰচ চিনেৰে চিহ্নিত কৰিব ৷ তাৰোপৰি টিকট কাউন্টাৰ সমুহতো যাত্ৰীয়ে দূৰত্ব বজাই শাৰী পাতি টিকট কটাৰ ব্যৱস্থা কৰিব ৰেল বিভাগে ৷
লগতে পঢ়কঃবিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ