নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : ফেব্ৰুৱাৰী মাহত বাজেট প্ৰকাশৰ পাচত সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত তেওঁ কয় যে, নতুন কৰ প্ৰণালীত প্ৰদান কৰা ৰেহাই সম্পৰ্কত সকলো তথ্য ইতিমধ্যে ৱেবছাইটত প্ৰকাশ কৰা হৈছে ৷
ইটিভি ভাৰতৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি সীতাৰমণে কয়, "নতুন আঁচনিত প্ৰকাশ পোৱা সকলো ৰেহাই সম্পৰ্কত সকলো তথ্য ৱেবছাইট যোগে প্ৰকাশ পাইছে ৷ নতুন কৰ প্ৰণালীৰ সৈতে 11 টা ৰেহাইৰ কথা উল্লেখ কৰা হৈছে ৷"