অসম

assam

By

Published : Aug 20, 2020, 1:09 PM IST

Updated : Aug 20, 2020, 1:23 PM IST

ETV Bharat / bharat

৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ আজি ৭৬সংখ্য়ক জন্ম বাৰ্ষিকী। জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ দেশবাসীৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ
৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

নেশ্যনেল ডেস্ক, ২০আগষ্ট:৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত সমগ্ৰ দেশবাসীয়ে সুঁৱৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ওপজা দিনটোত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে।

৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ কৰি টুইট কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুত্ৰ ৰাহুল গান্ধীয়েও সোঁৱৰণ কৰিলে পিতৃক। টুইটযোগে ব্যক্ত কৰিলে মনৰ কথা। উল্লেখ্য যে, ১৯৮৪চনৰ অক্টোবৰৰ পৰা ১৯৮৯ চনৰ ডিচেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰী হিচাপে ৰাজীৱ গান্ধীয়ে কাৰ্যনিৰ্বাহ কৰিছিল।

৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক শ্ৰদ্ধা নিবেদন প্ৰধানমন্ত্ৰী মোডীৰ
৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

১৯৪৪চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জন্ম হৈছিল। ১৯৯১চনত হত্যা কৰিছিল 'লিবাৰেশ্যন টাইগাৰ্ছ অৱ এলম'ৰ আত্মঘাতী বোমাৰুৱে। তামিলনাডুৰ শ্ৰীপেৰুমবুদুৰত নিৰ্বাচনী সমদলত অংশগ্ৰহণৰ সময়তে হত্যা কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক।

৭৬সংখ্য়ক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

আজি তেখেতৰ ওপজা দিনটোত কংগ্ৰেছ পৰিয়ালৰ লগতে সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক।

লগতে পঢ়ক :আগ্ৰা বাছ হাইজেক: আৰক্ষীৰ জিম্মাত মুখ্য অভিযুক্ত

Last Updated : Aug 20, 2020, 1:23 PM IST

ABOUT THE AUTHOR

...view details