অসম

assam

By

Published : Jul 3, 2020, 4:33 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ

প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই টুইটাৰযোগে উত্তৰ প্ৰদেশ আৰক্ষীৰ ৮ গৰাকী শ্বহীদৰ পৰিয়ালকৈ সমবেদনা জ্ঞাপন কৰি অপৰাধীসকল নিৰ্ভীক বুলি উল্লেখ কৰে। এইখন ৰাজ্যত জনসাধাৰণ বাদেই, আৰক্ষীৰ লোকো সুৰক্ষিত নহয় বুলি উল্লেখ কৰে ।

প্ৰিয়ংকা গান্ধী বাদ্ৰা
Law and order situation in UP has deteriorated, CM should take strict action

নিউজ ডেস্ক, ৩ জুলাই : উত্তৰ প্ৰদেশৰ কানপুৰ এনকাউণ্টাৰৰ ঘটনাত শোকপ্ৰকাশ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ। তালাচী অভিযানত যোৱা সময়ত অপৰাধীৰ গুলীত প্ৰাণ হেৰুওৱা ৮ গৰাকী আৰক্ষী জোৱানক পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি ৰাজ্যখনত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য কৰে।

উত্তৰ প্ৰদেশত আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটিছেঃ প্ৰিয়ংকা গান্ধী বাদ্ৰা

বিকাশ ডুবে নামৰ এজন অপৰাধৰ সৈতে জড়িত ব্যক্তি বিক্ৰু গাঁৱত লুকাই থকাৰ সম্ভেদ পাই পুৱতি নিশা 3.30 বজাত প্ৰায় 50 জনীয়া আৰক্ষীৰ দলটো উপস্থিত হৈছিল ৷ ডুবে আৰু তেওঁৰ দলটোৱে এখন জেচিবিৰে পথটো আবদ্ধ কৰি এটা ঘৰৰ ওপৰৰ পৰা আৰক্ষীলৈ ধাৰাষাৰ গুলীবৰ্ষণ কৰে ৷ এই ঘটনাত চক্ৰ বিষয়া, আৰক্ষী বিষয়া, আৰক্ষী উপ-পৰিদৰ্শক, কনিষ্টবলসহ মুঠ ৮ গৰাকী আৰক্ষী জোৱান নিহত হৈছিল।

প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই টুইটাৰযোগে উত্তৰ প্ৰদেশ আৰক্ষীৰ এই ৮ গৰাকী শ্বহীদৰ পৰিয়ালকৈ সমবেদনা জ্ঞাপন কৰি অপৰাধীসকল নিৰ্ভীক বুলি উল্লেখ কৰে। এইখন ৰাজ্যত জনসাধাৰণ বাদেই, আৰক্ষীৰ লোকো সুৰক্ষিত নহয়। আইন শৃংখলাজনিত সকলো পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰা উচিত। এয়া সচাকৈয়ে এক ভয়ানক ঘটনা বুলি উল্লেখ কৰে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই।

লগতে পঢ়ক :কোভিড নহয় ডেংগু মেলেৰিয়া ত্ৰাসঃ কাৰণ জংঘলত কোৱাৰেন্টাইন 6 যুৱক

ABOUT THE AUTHOR

...view details