নিউজ ডেস্ক, 18 মাৰ্চ : সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সমাপন হ'ব গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ৷ সোমবাৰে সন্ধিয়া 5 বজাত মিৰামাৰত অন্তেষ্টিক্ৰিয়া সমাপন কৰা হ'ব প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী তথা গোৱাৰ মুখ্যমন্ত্ৰী পাৰিকৰৰ৷ দীৰ্ঘদিনৰ পৰা অগ্নাশয়ৰ কৰ্কটৰোগত আক্ৰান্ত হৈ থকা মনোহৰ পাৰিকৰে দেওবাৰে সন্ধিয়া নিজৰ পুত্ৰৰ বাসভৱনত ত্যাগ কৰে শেষ নিশ্বাস৷
সোমবাৰে ৰাতিপুৱা 10:30 বজাত পঞ্জিম স্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত পাৰিকৰৰ নশ্বৰ দেহ লৈ অনাৰ পাচতেই জনতাৰ শেষ শ্ৰদ্ধাঞ্জলিৰ প্ৰদানৰ বাবে কালা একাডেমীলৈ লৈ অনা হ'ব মুখ্যমন্ত্ৰীগৰাকীৰ মৃতদেহ৷ 11 বজাৰ পৰা 4 বজালৈ সাধাৰণ জনতাই শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিব মনোহৰ পাৰিকৰক৷ সন্ধিয়া 4 বজাত কালা একাডেমীৰ পৰা পোনে পোনে মিৰামালৈ লৈ অনা হ'ব পাৰিকৰৰ নশ্বৰ দেহ৷ সন্ধিয়া 5 বজাত পঞ্চভূতত বিলীন হ'ব পাৰিকৰ নশ্বৰ দেহ৷