অসম

assam

ETV Bharat / bharat

শ্ৰীলংকা নিৰ্বাচনঃ 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী ! - গোটাবায়া ৰাজাপাকসা

শ্ৰীলংকাত সমাপ্ত হ'ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দেশখনৰ 12,845 টা ভোটকেন্দ্ৰৰ 15.9 মিলিয়ন ভোটাৰে সাব্যস্ত কৰিলে 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

By

Published : Nov 16, 2019, 7:37 PM IST

কলম্বো, 17 নৱেম্বৰঃসমাপ্ত হ'ল শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ দেশখনৰ 12,845 টা ভোটকেন্দ্ৰৰ 15.9 মিলিয়ন ভোটাৰে সাব্যস্ত কৰিলে 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাত সমাপ্ত হয় ৷ দেশখনৰ এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক 35 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ৷

ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সম্পূৰ্ণ প্ৰতিবেদন
ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰ ৰাইজ
কবিন্দ জয়াবৰ্ধনৰ সৈতে ইটিভি ভাৰতৰ এডিটৰ-ইন-চীফ
ভোটদান সাব্যস্ত কৰি

দেশখনৰ ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি, মূল যুঁজখন এচ এল পি পিৰ নেতা গোটাবায়া ৰাজাপাকসা আৰু শাসনাধিষ্ঠ ইউনাইটেড নেশ্বনেল দলৰ নেতা সাজিথ প্ৰেমাদাসাৰ মাজত হ'ব বুলি অনুমান কৰা হৈছে ৷ এওঁলোকৰ উপৰিও অনুৰা কুমাৰ দিছানায়কে হৈছে অন্যতম এজন শক্তিশালী প্ৰতিদ্বন্দী ৷

ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰ ৰাইজ
নিৰ্বাচন সন্দৰ্ভত এগৰাকী শিক্ষয়ত্ৰীৰ ভাষ্য

ইপিনে, নিৰ্বাচনৰ মাজতে পূৱ শ্ৰীলংকাৰ মান্নাৰত ভোটদাতা কঢ়িওৱা এখন বাছৰ ওপৰত আক্ৰমণ চলালে দুৰ্বৃত্তৰ এটা দলে ৷ অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে দুখন বাছলৈ শিলগুটি দলিয়াই আৰু তাৰ পাচতেই বাছ দুখনৰ ওপৰত অতৰ্কিতে গুলিবৰ্ষণ কৰে ৷ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও দুৰ্বৃত্তই পথত টায়াৰ জ্বলাই 100 খন গাড়ীৰ কনভয়ৰ ওপৰত আক্ৰমণ সংঘটিত কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি এম্বুশ্বৰ লক্ষ আছিল দুৰ্বৃত্তৰ ৷

সাজিথ প্ৰেমাদাসা
নিৰ্বাচনৰ সময়ছোৱাত নিৰাপত্তৰক্ষী
ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰ

লগতে পঢ়কঃ নিৰ্বাচনৰ প্ৰাকক্ষণত ভুৱা বাতৰি আৰু ভুল তথ্যক লৈ শংকিত শ্ৰীলংকা

ইপিনে,নিৰ্বাচনত যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবে প্ৰায় 60 হাজাৰ নিৰাপত্তা ৰক্ষীক নিয়োগ কৰা হৈছিল ৷ দেশখনত সংঘটিত বোমা বিস্ফোৰণৰ প্ৰায় 7 মাহৰ অন্তত অনুষ্ঠিত কৰা হৈছে নিৰ্বাচন ৷ বিগত 21 নৱেম্বৰত ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা সংঘটিত বোমা বিস্ফোৰণত প্ৰায় 269 গৰাকীকৈ লোকৰ প্ৰাণ গৈছিল ৷

ভোটদান সাব্যস্ত কৰি সাজিথ প্ৰেমাদাসা

জনসাধাৰণক নিৰ্বাচনৰ সময়ছোৱাত শান্তি আৰু শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰেমসিঙহে ৷ আৰক্ষীয়ে জনোৱা মতে, দেশখনত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাচৰে পৰা এই পৰ্যন্ত প্ৰায় 84 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷

ভোটকেন্দ্ৰৰ বাহিৰত ভোটাৰ ৰাইজ
কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা
নিৰ্বাচনৰ সময়ছোৱাত নিৰাপত্তৰক্ষী

লগতে পঢ়কঃ অযোধ্যা ৰায়দানৰ বিৰুদ্ধে পুনৰীক্ষণৰ আৱেদনৰ বাবে সাজু 'অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' ব’ৰ্ড' !


নিৰ্বাচনৰ সময়ছোৱাত দেশী-বিদেশী পৰ্যবেক্ষকৰ দলে পৰ্যবেক্ষণ কৰিছিল পৰিস্থিতিৰ ৷ নিৰ্বাচনী বিধি উলংঘা কমিটিৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি প্ৰায় বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰসমূহ 3000 লোকে পৰ্যবেক্ষণ কৰি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details