অসম

assam

ETV Bharat / bharat

উপকূলৰক্ষী বাহিনীৰ মহানিৰ্দেশক নিযুক্ত কৃষ্ণস্বামী নটৰাজন - ভাৰতীয় উপকূলৰক্ষী বাহিনী

ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বৰ্তমানৰ মহানিৰ্দেশক ৰাজেন্দ্ৰ সিঙৰ অৱসৰৰ পিচতেই বাহিনীটোৰ মুখ্য পদবীত অধিস্থিত হয় কৃষ্ণস্বামী নটৰাজন ৷

কৃষ্ণস্বামী নটৰাজন

By

Published : Jun 25, 2019, 8:10 PM IST

নিউজ ডেস্ক, 25 জুনঃ ভাৰতীয় উপকূলৰ সুৰক্ষা তথা নিৰীক্ষণৰ দায়িত্বত থকা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ নৱ-নিযুক্ত মহানিৰ্দেশক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব কৃষ্ণস্বামী নটৰাজনে ৷ জুনৰ 30 তাৰিখে বাহিনীটোৰ সৰ্বোচ্চ পদবীত অধিস্থিত হ'ব বিষয়াগৰাকী ৷

কৃষ্ণস্বামী নটৰাজন

নটৰাজ বাহিনীটোৰ দ্বিতীয়গৰাকী বিষয়া যিয়ে কেডাৰৰ পৰা বাহিনীটোৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত হৈছে ৷ মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা আৰু কূটনৈতিক অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীপ্ৰাপ্ত বিষয়াগৰাকীয়ে 1984 চনৰ জানুৱাৰী মাহৰ 18 তাৰিখে বাহিনীটোত এগৰাকী ফ্লেগ অফিছাৰ হিচাপে নিযুক্ত হৈছিল ৷ বাহিনীটোৰ সাগৰীয় সীমা আৰু ভূপষ্ঠৰ দুয়োটাতে কেতবোৰ গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰিছে বিষয়াগৰাকীয়ে ৷ ইয়াৰ ভিতৰত, Advanced Offshore Patrol Vessel (AOPV) Sangram,Offshore Patrol Vessel (OPV) Veera,Fast Patrol Vessel (FPV) Kanaklata Barua, Inshore Patrol Vessel (IPV) Chandbibi উল্লেখযোগ্য ৷ আনহাতে চীফ ষ্টাফ অফিছাৰ হিচাপে পাৰ্ছনেল আৰু এডমিনিষ্ট্ৰেছন বিভাগৰ চেন্নাইস্থিত পূব মুখ্যালয়, আৰু মুম্বাইস্থিত পশ্চিম মুখ্যালয় তথা কোচিস্থিত উপকূলৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰৰ অফিছাৰ-ইন-চাৰ্জ হিচাপেও দায়িত্ব পালন কৰিছে বিষয়াগৰাকীয়ে ৷ 2009 চনৰ পৰা 2014 চনলৈ উপকূলৰক্ষী বাহিনীৰ মুখ্যালয়ত উপ-মহানিৰ্দেশক (ষ্টাফ ডিভিজন পলিচি এণ্ড প্লেনছ) হিচাপে দায়িত্বত আছিল বিষয়াগৰাকী ৷ পৰৱৰ্তী সময়ত 2014 চনৰ 14মেৰ পৰা 27 জুনলৈ আন্দামান নিকোবৰ অঞ্চলৰ কামাণ্ডাৰ হিচাপে দায়িত্ব পালন কৰাৰ লগতে একেটা বছৰতে উপকূলৰক্ষী বাহিনীৰ ৱেষ্টাৰ্ণ ৰিজনৰ মুখ্য বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত 2016 চনৰ 12 আগষ্টত বাহিনীটোৰ অতিৰিক্ত মহানিৰ্দেশকৰ পদবীলৈ বিষয়াগৰাকীয়ে পদোন্নতি লাভ কৰি বৰ্তমানলৈ বাহিনীটোৰ ৱেষ্টাৰ্ণ চিবৰ্ডৰ কামাণ্ডাৰৰ দায়িত্বত আছিল ৷

কৃষ্ণস্বামী নটৰাজন

ডিফেন্স চাৰ্ভিছেজ ষ্টাফ কলেজৰ পৰা বাহিনীটোত নিযুক্ত হোৱা বিষয়াগৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষ্ট গাৰ্ড ৰিজাৰ্ভ ট্ৰেইনিং চেন্টাৰৰ পৰা চাৰ্ছ এণ্ড ৰেস্কিউৰ লগত মেৰিটাইম চেফটি এণ্ড পৰ্ট অপাৰেশ্বন বিষয়ত বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে,কৃষ্ণস্বামী নটৰাজনৰ নেতৃত্বতে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এখন পূৰ্ণ পৰ্যায়ৰ প্ৰশিক্ষণ ইনষ্টিটিউট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

ABOUT THE AUTHOR

...view details