নিউজ ডেস্ক,25 নৱেম্বৰ : বুধবাৰৰ পৰা দুদিনীয়াকৈ গুজৰাটৰ কেৱাড়িয়াত 80 সংখ্য়ক অল ইণ্ডিয়া প্ৰিচাইডিং অফিচাৰছ কনফাৰেন্স অৰ্থাৎ স্পীকাৰছ কনফাৰেন্স অনুষ্ঠিত হ’ব ৷ সমগ্ৰ বিশ্বক ক’ভিড-19ৰ পৰা মুক্ত কৰাৰ লগতে বিশ্বৰ সামাজিক সমস্যা আৰু বিধানসভাৰ ক্ষেত্ৰত বিধানসভাৰ অধ্যক্ষসকলে এই সন্মিলনত ভাগ ল’ব ৷
চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি ষ্টেট্যু অৱ ইউনিটিৰ পাচত গুজৰাটৰ কেৱাড়িয়াত বহু পৰ্যটনথলী নিৰ্মাণ কৰা হৈছে ৷
গুজৰাট হৈছে জৈৱিক বৈচিত্ৰতাৰে ভৰা এখন ৰাজ্য় ৷ 1,600 কিলোমিটাৰ দৈৰ্ঘৰ উপকূল ৰেখা আৰু আৰৱালী পৰ্বতৰ এক প্ৰভাৱশালী ঠাই পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় ৷ কিন্তু তথাপিও গুজৰাটক উদ্যোগিক ৰাজ্য হিচাপেহে জনা যায় ৷ ইয়াৰ পাচতে সেইসময়ৰ তৎকালীন মুখ্যমন্ত্ৰী অৰ্থাৎ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱাড়িয়া আৰু ইয়াৰ আশে-পাশে কিছু অংশ পৰ্যটনৰ বাবে আকৰ্ষণীয় কৰি তোলে ৷ সম্প্ৰতি কেৱাড়িয়া দেশৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনথলীৰ লগতে ই বিশ্বৰ পৰ্যটন মানচিত্ৰত স্থান পাবলৈ সক্ষম হয় ৷
নৰ্মদা বান্ধ : প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্প চৰ্দাৰ সৰোবৰ বান্ধ আৰু বিশ্বৰ সৰ্বোচ্চ ষ্টেট্যু অৱ ইউনিটি নৰ্মদা বান্ধৰ পৰা 5 কিলোমিটাৰ দূৰত্বত সাধু বেটত অৱস্থিত ৷ 2010 বৰ্ষৰ 7 অক্টোবৰত এই প্ৰকল্প নিৰ্মাণৰ চৰ্চা আৰম্ভ হৈছিল আৰু 2018 চনত ই সম্পূৰ্ণ হৈ উঠিছিল ৷ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰোতে প্ৰয়োজন হোৱা ষ্টীলৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষকসকলক লোহা দান কৰিবলৈ আহ্বান জনায় ৷ তিনিমাহৰ ভিতৰত ছয় লাখ গাঁৱৰ পাঁচ লাখ কৃষকে 5,000 মেট্ৰিক টন লোহা দান কৰে ৷ প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম 2014 চনৰ 31 অক্টোবৰত আৰম্ভ কৰা হৈছিল ৷ ষ্টেট্যু অৱ ইউনিটি, এখনি মনোৰঞ্জনমূলক উদ্য়ান, অনুসন্ধান কেন্দ্ৰ, এখন পখিলাৰ উদ্যান আৰু অন্য আকৰ্ষণীয় স্থানো ইয়াত অন্তৰ্ভুক্ত হৈ আছে ৷ সম্প্ৰতি দেশী-বিদেশী বহু পৰ্যটক এই পৰ্যটনথলীলৈ আহে ৷ প্ৰতিমূৰ্তি মুকলিৰ প্ৰথম বৰ্ষতে প্ৰায় 35 লাখ দৰ্শকে অহা বুলি জানিব পৰা গৈছে ৷
এই প্ৰতিমূৰ্তি নিৰ্মাণৰ পাচত প্ৰধানমন্ত্ৰী মোদীয়ে কেৱাড়িয়াৰ আশে-পাশে থকা পাঁচখন গাঁৱত ষ্টেট্যু অৱ ইউনিটি এৰিয়া ডেভেলপমেণ্ট এণ্ড টুৰিজিম গভৰ্ণেন্স অ’থৰিটি, চৰকাৰী ক’লনী আৰু 400 টা গৃহ নিৰ্মাণৰ নিৰ্দেশ দিয়ে ৷ সম্প্ৰতি কেৱাড়িয়া কল’নী পোহৰেৰে উদ্ভাসিত হৈ থাকে ৷
আনহাতে কেৱাড়িয়াৰ পৰিবহনৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু ৰে’ল লাইনৰ ওপৰত কাম কৰি থকা হৈছে ৷ আহমেদাবাদৰ পৰা কেৱাড়িয়ালৈ মাত্ৰ 45 মিনিটৰ সময়ৰ ব্যৱধানেৰে এক আকাশী পথৰো ব্য়ৱস্থা কৰা হৈছে ৷
জংগল চাফাৰী (চৰ্দাৰ পেটেল জুল’জীকেল পাৰ্ক) : গুজৰাটৰ অন্যতম পৰ্যটনথলী জৈৱিক উদ্যান জংগল চাফাৰীত মুঠ 1,100 বিধ প্ৰজাতিৰ দেশী-বিদেশী পক্ষী আৰু জন্তু পোৱা যায় ৷ বিভিন্ন জন্তুৰ বাবে 29 টা নিৰ্দিষ্ট ক্ষেত্ৰ আৰু পক্ষীৰ বাবে দুই সৰ্ববৃহৎ ডোম প্ৰস্তুত কৰা হৈছে, য’ত পৰ্যটকে মুকলিকৈ পক্ষীবোৰ উপভোগ কৰিব পাৰে ৷
একতা মল : পৰ্যটকসকলক বিনিময়ৰ অনুভৱ দিয়াৰ অৰ্থে 35,000 বৰ্গ ফুটৰ এক বৃহৎ একতা মল নিৰ্মাণ কৰা হৈছে ৷ েই মলত 200 খন বিপনী আছে আৰু ভিন্ন ৰাজ্যৰ হাতেৰে তৈয়াৰী সাজ-পাৰ বিক্ৰী কৰা হয় ৷ সেই বিপনীসমূহ হৈছে- গৰ্বী গজৰাৰী, পূৰবশ্ৰী, কৈৰালী, পাম্পাহাৰ, গংগোত্ৰী, কাৱেৰী, খাদী ইণ্ডিয়া, কাশ্মীৰ ইত্যাদি ৷
চিল্ড্ৰেন নেশ্যনেল পাৰ্ক : অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এইখন হৈছে বিশ্বৰ প্ৰথমখন শিশু পোষণ উদ্যান ৷ 35,000 বৰ্গমিটাৰৰ এই উদ্যানখনত শিশুৰ বাবে মনোৰঞ্জন আৰু শিক্ষাৰ ক্ষেত্ৰত কিছু প্ৰযুক্তিগত আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ 600 মিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব পৰা এখন মিনি ট্ৰেইনো উদ্যানখনত নিৰ্মাণ কৰা হৈছে ৷ যাত্ৰাৰ সময়ত ফল-মূলৰ গৃহ, অন্নপূৰ্ণ, পোষণপুৰম, স্বষ্ট ভাৰতম আৰু নিউট্ৰি হাট্ আদি ষ্টেচন সাজি উলিওৱা হৈছে ৷ ইয়াৰ উদ্দেশ্য 47 টা প্ৰযুক্তিৰে শিশুক পোষণৰ ক্ষেত্ৰত জ্ঞান প্ৰদান কৰা ৷ ইয়াৰোপৰি উদ্য়ানখনত যাদু আইনা, 5-D থিয়েটাৰ আদিও নিৰ্মাণ কৰা হৈছে ৷
ইউনিটি গ্ল’ গাৰ্ডেন : ইউনিটি গ্ল’ গাৰ্ডেনে পৰ্যটকসকলক মনোৰঞ্জন আৰু আকৰ্ষণ কৰে ৷ 3.61 একৰ ভূমিত নিৰ্মাণ কৰা এই উদ্য়ানত এলইডি লাইটেৰে সাজি উলিওৱা জন্তু, গছপুলি আদিৰ প্ৰতিকৃতি সজোৱা হৈছে ৷ বিশেষকৈ নিশাৰ ভাগত এই প্ৰতিকৃতিয়ে উদ্যান পোহৰাই তোলে ৷
কেক্টাছ গাৰ্ডেন :চৰ্দাৰ সৰোবৰ বান্ধৰ সমীপত আৰু নৰ্মদা নদীৰ বাঁওপাৰে নিৰ্মিত কেক্টাছ গাৰ্ডেনে মুঠ 25 একৰ ভূমি আগুৰি আছে ৷ এই উদ্য়ানত 17 খন দেশৰ পৰা অনা 459 বিধ কেক্টাছ আছে ৷ উদ্য়ানখনত 6 লাখৰো অধিক কেক্টাছ গছ আছে ৷ ইয়াৰ লগতে উদ্য়ানখনত কেক্টাছেৰে তৈয়াৰী ঔষধ আৰু হাৰ্বল সামগ্ৰীৰ দোকান আছে ৷ ইয়াত পৰ্যটকে কেক্টাছ গছো ক্ৰয় কৰিব পাৰে ৷