নিউজ ডেস্ক, ২ এপ্ৰিলঃ কেৰালাৰ জিলা সমূহত গাখীৰ ৰপ্তানী বন্ধ কৰাৰ ফলত গাখীৰ নলাত পেলাই দিয়ে গো পালক সকলে ।
কিন্তু বৃহস্পতিবাৰে কেৰালাৰ মন্ত্ৰী কে ৰাজুৱে গাখীৰ নলাত নেপেলাই বিভিন্ন শ্ৰমিক থকা শিবিৰ সমূহলৈ পঠাই দিবলৈ আহ্বান জনাই গো পালক সকলক ।

উল্লেখ্য যে, লক ডাউনৰ বাবে ৰাজ্যখনত ৫০০০ হাজাৰো অধিক প্ৰবাসী শ্ৰমিকৰ বাবে শিবিৰ স্থাপন কৰা হৈছে । যত লাখতকৈ অধিক লোক শিবিৰত ৰখা হৈছে । এই শিবিৰ সমূহত ৰাজ্য চৰকাৰে খাদ্য যোগান ধৰাৰ লগতে বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে ।
ৰাজ্যিক বন আৰু পশুপালন বিভাগৰ মন্ত্ৰী কে ৰাজুৱে সংবাদ মাধ্যমক জনাই যে, তেখেতে গাখীৰ সমূহ নলাত পেলাই দিয়াৰ খবৰ লাভ কৰাৰ পাচতে ৰাজ্যৰ বিভিন্ন এজেঞ্চি সমূহক গাখীৰ সমূহ সংগ্ৰহ কৰি শিবিৰ সমূহলৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে ।